মোদীক সমালোচনা কৰি প্ৰৱন্ধ লিখি “দেশদ্ৰোহী’’ হ’ল শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ বিৰুদ্ধে উত্থাপন হৈছে দেশদ্ৰোহৰ অভিযোগ। দেশদ্ৰোহ আৰু অন্যান্য আইন উলংঘাৰ অভিযোগত এফআইআৰ দাখিল হোৱাৰ পিছত যথেষ্ট আইনী সমস্যাৰ সন্মুখীন হৈছে সাংসদ গৰাকী। এই অভিযোগৰ উদ্ভৱ হৈছে তেওঁ দলৰ প্ৰকাশন ‘সামানা’ত প্ৰধানমন্ত্ৰী মোডীক লৈ লিখা এটা প্ৰবন্ধৰ বাবে।
যোৱা ১০ ডিচেম্বৰত ‘সামানা’ কাকতত প্ৰকাশিত প্ৰবন্ধত সঞ্জয় ৰাউটে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ চৰকাৰে পাকিস্তানে ব্যৱহাৰ কৰা কৌশলৰ আশ্ৰয় লোৱাৰ লগতে আনকি নিৰ্বাচনত জয়লাভ কৰিবলৈ দেশখনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে।
‘সামানা’ হৈছে মহাৰাষ্ট্ৰত বিতৰণ কৰা মাৰাঠী কাকত। ১৯৮৮ চনৰ ২৩ জানুৱাৰীত শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ হাতত এই কাকতে মুক্তি লাভ কৰিছিল।
বিজেপিৰ যৱতমল জিলাৰ সমন্বয়ক নীতিন ভুটাদাই ‘সামানা’ কাকতত প্ৰধানমন্ত্ৰীক লৈ লিখা এই প্ৰৱন্ধৰ বাবে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
ইয়াৰ পিছতে সঞ্জয় ৰাউটৰ বিৰুদ্ধে আই পি চিৰ ১৫৩ এ, ৫০৫ বি আৰু ১২৪ এ (দেশদ্ৰোহ) ধাৰাত এফ আই আৰ দাখিল কৰা হয়।
ৰাউটৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ পিছতে সঞ্জয় ৰাউতে ভাৰতৰ ৰাজনীতিবিদসকলৰ গণতান্ত্ৰিক অধিকাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়াকৈ অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুৰ সন্দৰ্ভত কৰা মন্তব্যৰ কথা আঙুলিয়াই দি তেওঁৰ বিৰুদ্ধেও একেধৰণৰ গোচৰ ৰুজু হ’ব নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে।
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে… কিছুদিন পূৰ্বে অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ওপৰত মন্তব্য কৰিছিল। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হ’বনে? -’’ ৰাউটে কয়।