NORTHEAST NOW (Assamese)
অসম

দিল্লীত অনুষ্ঠিত হ’ব নৰ্থ-ইষ্ট ফেষ্টিভেল : নামী-দামী তাৰকাই কৰিব অংশ গ্ৰহণ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 13, 2023 5:30 pm

২০২৩ চনৰ ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ নতুন দিল্লীত আৰম্ভ হ’ব উত্তৰ-পূব মহোৎসৱৰ একাদশ সংস্কৰণ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে উত্তৰ-পূব মহোৎসৱৰ একাদশ সংস্কৰণ উদ্বোধন কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে । 

শ্বাহৰ সৈতে উপস্থিত থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী জি কিষাণ ৰেড্ডী, আয়ুচ, জাহাজ, বন্দৰ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ কৰিব পাৰি যে ২০১৩ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল নৰ্থ-ইষ্ট ফেষ্টিভেল। তেতিয়াৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটনৰ বিকাশত এই অনুষ্ঠানে নিৰন্তৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

ৰাজধানী দিল্লীত ১০ বাৰকৈ সফলভাবে অনুষ্ঠিত হৈ যোৱাৰ পিছত এইবাৰ নৰ্থ ইষ্ট ফেষ্টিভেলে লৈ আহিছে উত্তৰ পূৰ্বাঞ্চলৰ সংগীত, ফেশ্বন, খাদ্য, হস্তশিল্প, লোকনৃত্য আৰু বহুতো।

জানিব পৰা মতে দেশৰ তথা উত্তৰ পূৱৰ নামী-দামী শিল্পীৰ লগতে বহুতো লোকশিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।