NORTHEAST NOW (Assamese)
Popular Stories

বায়ু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ খাওঁক এইকেইটা খাদ্য

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 13, 2023 6:25 pm

দিনক দিনে বাঢ়ি গৈ আছে পৰিৱেশ প্ৰদূষণৰ মাত্ৰা। প্ৰদূষণে লাহে লাহে সমগ্ৰ প্ৰাণীজগতৰ স্বাস্থ্যৰ ওপৰত পেলাইছে ক্ষতিকাৰক প্ৰভাৱ। 

স্বাস্থ্যৰ লগতে পৰিৱেশ আৰু সম্পদৰো ক্ষতিও হৈছে। উদ্যোগ, যান-বাহন আৰু কাৰখানাৰ ধোঁৱা, গছ কটা, বিভিন্ন ইলেক্ট্ৰনিক গেজেটৰ ব্যৱহাৰ, অনিয়ন্ত্ৰিত জীৱনশৈলী, জনসংখ্যা বৃদ্ধি, নগৰায়ন – এই সকলোবোৰে বায়ু প্ৰদূষণত অৰিহণা যোগাইছে।

আমি সকলোৱে জানো যে প্ৰদূষণ বৃদ্ধি হ’লে শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু হাওঁফাওঁৰ ৰোগ বৃদ্ধি পাব পাৰে। শেহতীয়া বহু গৱেষণাৰ পৰা দেখা গৈছে যে বায়ু প্ৰদূষণে কেৱল হাওঁফাওঁ বা শ্বাসনলীৰেই নহয়, শৰীৰৰ প্ৰায় প্ৰতিটো অংগকে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ ফলত কেন্সাৰ, হৃদৰোগ, আনকি মানসিক সমস্যাও হ’ব পাৰে। 

গতিকে শৰীৰটোক প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টা গোটেই বছৰটো অব্যাহত ৰাখিব লাগে। কেৱল মাস্ক পিন্ধিয়েই নিজকে বায়ুপ্ৰদূষণৰ পৰা হ’ব পৰআ ক্ষতিৰ পৰা ৰক্ষা কৰিব পৰা নাযায়।

এনে ক্ষতিকাৰক সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ স্বাস্থ্যৰো যত্ন লোৱা উচিত। ইয়াৰ বাবে প্ৰয়োজন কিছু স্বাস্থ্যকৰ খাদ্যৰ।  কিছুমান খাদ্যই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই শৰীৰক প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখে।

গৱেষক সকলৰ মতে আমি প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা বাচিবলৈ পৰ্যাপ্ত পৰিমাণে ‘খাদ্যপ্ৰাণ ক’ অৰ্থাৎ ‘ভিটামিন এ’ গ্ৰহণ কৰিব লাগে। 

প্ৰদূষণৰ পৰা হাত সাৰিবলৈ চিকিৎসকে নিয়মিতভাৱে ভিটামিন এ সমৃদ্ধ খাদ্য খাবলৈ পৰামৰ্শ দিয়ে। গাখীৰ, কণী, কমলা, বিলাহী, আম আৰু কুমলীয়া ডালিমত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। গতিকে স্বাস্থ্যসন্মত হৈ থাকিবলৈ এই খাদ্যসমূহ আপোনাৰ খাদ্য তালিকাত সংযোগ কৰক।

বিভিন্ন অধ্যয়নত দেখা গৈছে, যেতিয়া শৰীৰত ভিটামিন চি আৰু ভিটামিন ইৰ অভাৱ হয়, তেতিয়া হাঁপানীৰ সমস্যাৰ সৃষ্টি হয়। গতিকে এই দুটা ভিটামিনযুক্ত খাদ্য দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ। যিকোনো প্ৰকাৰৰ নেমু, আমলখি, কমলা আদিত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। 

হালধিত প্ৰদাহ নিবাৰণকাৰী গুণ আছে। হালধিত কাৰকুমিন নামৰ যৌগ এটাও থাকে। ই হাওঁফাওঁক প্ৰদূষণৰ পৰা ৰক্ষা কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে। হালধি বিভিন্ন ধৰণে সেৱন কৰিব পাৰি। ৰাতিপুৱা খালী পেটত কেঁচা হালধি চোবাই খালে এনে বহু সমস্যা নিৰাময় হ’ব পাৰে। ঘিঁউ আৰু গুড়ৰ লগতো হালধি খাব পাৰে। ইয়াৰ উপৰিও ৰাতি শুই উঠাৰ আগতে গৰম গাখীৰৰ লগত এচিকুট হালধি মিহলাই খালেও উপকাৰ হ’ব। 

এচিড ওমেগা ৩ ফেটি এচিড হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। লগতে ই শৰীৰক প্ৰদূষণৰ পৰা ৰক্ষা কৰাত সহায় কৰে। এই ফেটি এচিডবোৰে হাওঁফাওঁৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। বিভিন্ন ধৰণৰ বাদামত যথেষ্ট পৰিমাণে ওমেগা-৩ থাকে। ইয়াৰ উপৰিও কিছুমান সাগৰীয় খাদ্য যেনে ছালমন, টুনা, মেকেৰেল, চাৰ্ডিন আদিতো প্ৰচুৰ পৰিমাণে ওমেগা ৩ থাকে।

কচু পুষ্টিকৰ উপাদানৰে ভৰপূৰ। ইয়াত বিটা-কেৰটিন, লুটিন, ক্ল’ৰ’ফিল আৰু মেগনেছিয়াম থাকে। এই সকলোবোৰ উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু শৰীৰক বিষাক্ত পদাৰ্থৰ পৰা মুক্ত কৰি ৰাখে। 

গতিকে নিয়মীয়া বায়ুপ্ৰদূষণৰ লগত আপোনাৰ শৰীৰটোৱে যাতে যুঁজ দিব পাৰে তাৰ বাবে নিয়মীয়াকৈ এনে খাদ্যসমূহ গ্ৰহণ কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু দৈনিক ব্যায়াম কৰক।