NORTHEAST NOW (Assamese)
অসম

প্ৰাচ্যতত্ত্ববিদ ,গৱেষক,পণ্ডিত ড.হৰিনাথ শৰ্মাদলৈৰ স্মৃতি দিৱস উপলক্ষ্যে বিশেষ বক্তৃতা অনুষ্ঠান

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ July 2, 2021 4:35 pm
hari

অসমৰএগৰাকী গৱেষক পণ্ডিত ,প্ৰাচ্যতত্ত্ববিদ ড.হৰিনাথ শৰ্মাদলৈৰ স্মৃতি দিৱস উপলক্ষ্যে ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় ।

অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড. উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখন শিশু শিল্পী ময়ূৰী শৰ্মা আৰু প্ৰসেন্দ্ৰ জিত শৰ্মাৰ জ্যোতি সংগীতেৰে আৰম্ভ কৰা হয়।

সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু পণ্ডিত গৰাকীৰ চমু পৰিচিতি দাঙি ধৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে ।

আদৰণী ভাষণ প্ৰদান কৰে জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ কাৰ্যকৰী সভাপতি মিহিৰ দাসে ।বক্তৃতা অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতিশৰ্মাই ।
ভাষণ প্ৰসংগত শৰ্মাই পণ্ডিতগৰাকীৰ বহুমুখী প্ৰতিভাৰ পৰিচয় দাঙি ধৰাৰ লগতে তেওঁৰ নিস্কাম ভাবপূৰ্ণ কাৰ্যাৱলীৰ ৰেখাপাত কৰে ।

তাৰে উদাহৰণ দিবলৈ গৈ তেওঁ কয় যেএই গৰাকী পণ্ডিতে বহুতৰ বাবে ঈস্পিত চৰকাৰী পেঞ্চন প্ৰত্যাখ্যান কৰিছিল ।
“ড.হৰিনাথ শৰ্মা দলৈৰ জীৱন আৰু সাধনা “শীৰ্ষক বিশেষ বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড.প্ৰফুল্ল নাথ ।

dhu

ভাষণ প্ৰসংগত ড.নাথে পণ্ডিতগৰাকীৰ জীৱন প্ৰজ্ঞা,সাধনাৰ বিতং বিশ্লেষণ দাঙি ধৰাৰ লগতে তেওঁৰ সাহিত্যৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰে ।

গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হোৱা সভাখনত পণ্ডিতগৰাকীৰ পাণ্ডিত্যৰ লগতে অনুষ্ঠানৰ অনুভৱ ব্যক্ত কৰে বিশিষ্ট সাহিত্যিক ড. সূৰ্যকান্ত হাজৰিকা , হোজাই জিলা সাহিত্য সভাৰ সম্পাদক সাহিত্যিক অনুপ বৰঠাকুৰ ,নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা , দিশপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অজিত প্ৰসাদ শৰ্মা,অসম সাহিত্য সভাৰ বিষয়ববীয়া বিষ্ণু ডেকা , গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক জিতুমণি দাস ,ধুবুৰীৰ বৰ্ষীয়ান সাহিত্যিক দেবেন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে বিশিষ্টসকলে ।

অনুষ্ঠানত মাইবঙৰ পৰা নৃপেন ভূঞা ,মাজুলীৰ পৰা শংকু সিদ্ধ নাথ ,ড.শৈলেন্দ্ৰ নাথ বৈশ্য ,ড.দ্বিজেন্দ্ৰ নাথ ভকত , আকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি হেমলতা কাকতি ,মিলনদেৱী ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ড.কৰুণা কান্ত দাস ,বেবী বৰা ,ড.অলকা শৰ্মা ,ড.পলী বেজবৰুৱা , আৰজুমা নাচৰিণ সৰকাৰ , ছাইফুল হাচান ,প্ৰমুখ্যে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ -ছাত্ৰীবৃন্দই ।

ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়ে সভাপতিৰ বক্তব্য আৰু মন্তব্য প্ৰদান কৰে ।শলাগ জ্ঞাপন কৰে জিলা সম্পাদক আজাদ আলী আহমেদে ।অসম সংগীতেৰে সভাৰ সামৰণি পৰে |