NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত স্বাস্থ্যকৰ্মীৰ চৰম গাফিলতি: ই ৰিক্সাতে মৃত সন্তান প্ৰসৱ কৰিলে গৰ্ভৱতী মহিলাই

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম July 3, 2021 9:09 pm
d2

বিশ্বনাথ জিলাৰ খৰাশিমলু গাঁৱৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৰম গাফিলতিৰ ফলত আজি বিশ্বনাথৰ ফটিকাবস্তিৰ এগৰাকী মহিলাই হেৰুৱাবলগীয়া হল নিজৰ গৰ্ভস্থ ছয় মহীয়া সন্তান।

জনা মতে, ফটিকা বস্তিৰ গৰ্ভৱতী মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত মহিলা গৰাকীৰ স্বামী আৰু আশা কৰ্মীয়ে খৰাশিমলুৰ নতুন স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে।স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত থকা মনজিৎ কুৰ্মী নামৰ স্বাস্থ্য কৰ্মী গৰাকীয়ে গৰ্ভৱতী মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ প্ৰদান কৰে।

কিন্তু স্বাস্থ্য কৰ্মী গৰাকীয়ে প্ৰদান কৰা ঔষধ খাই নিশা পেটৰ বিষ হোৱাত গৰ্ভৱতী মহিলা গৰাকীৰ পৰিয়ালৰ লোকে আজি পুৱাই পুনৰ স্বাস্থ্যকেন্দ্ৰটোলৈ এখন ই-ৰিক্সাত লৈ আনে।

কিন্তু অভিযোগ মতে স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰী তথা নাৰ্ছে গৰ্ভৱতী মহিলা গৰাকীক কোনো পৰীক্ষা নকৰাকৈ স্বাস্থ্য কৰ্মী মনজিৎ কুৰ্মীয়ে আগৰ প্ৰেছক্ৰিপচনখন লৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈহে পৰামৰ্শ প্ৰদান কৰে।

ফলত উপায়হীন হৈ গৰ্ভৱতী মহিলা গৰাকীক সেই স্থানৰ পৰা স্বামী আৰু আশা কৰ্মীয়ে ই ৰিক্সাখনতে লৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ বুলি যাত্ৰা কৰে।

কিন্তু চিকিৎসালয়লৈ নি থকা অৱস্থাতে ই-ৰিক্সাৰ ওপৰতে মহিলা গৰাকীয়ে প্ৰসৱ কৰে এটা মৃত সন্তান।
ইফালে পিছৰ পৰ্যায়তহে গম পোৱা গল যে খৰাশিমলু নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসা প্ৰদান কৰি ঔষধ প্ৰদান কৰা ব্যক্তিজন চিকিৎসকৰ পৰিৱৰ্তে কমপাউণ্ডাৰহে আছিল।

ইফালে মহিলাগৰাকীক ভুল ঔষধ প্ৰদান কৰাৰ বাবেই এটি ছয়মহীয়া সন্তান নষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত মহিলাগৰাকীৰ পৰিয়ালে উচিত ন্যায় বিচাৰি দাখিল কৰিছে এজাহাৰ।

প্ৰশ্ন হয়, চিকিৎসকৰ পৰিবৰ্তে কম্পাউণ্ডাৰৰ দ্বাৰা চিকিৎসা সেৱা আগবঢ়োৱাৰ কথাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো পুনৰ বাৰ উদঙাই দিলে।

স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এটা পৰিয়ালে হেৰুৱাবলগীয়া হল সন্তান।