NORTHEAST NOW (Assamese)
অসম

মানকাচৰৰ সীমান্ত অঞ্চলত বি এছ এফে জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ

Posted by: মুকেশ কুমাৰ সিং March 29, 2018 7:47 pm
yaba

এটা গোপন সূত্ৰৰ পম খেদি ২৮ মাৰ্চৰ নিশা সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এটা দলে দক্ষিণ শালমাৰা জিলাৰ মানকাচৰ সীমান্ত অঞ্চলত বৃহৎ পৰিমাণৰ নিষিদ্ধ, নিচাকাৰক টেবলেট জব্দ কৰে। দলটোৱে য়া-বা (Ya ba) নামৰ এই নিষিদ্ধ টেবলেটৰ মুঠ ৪৫০০ পেটি উদ্ধাৰ কৰে।

অভিযানৰ সময়ত বি এছ এফৰ দলটোৱে এই নিষিদ্ধ ড্ৰাগছবিধৰ সৰবৰাহত জড়িত থকাৰ অপৰাধত ছামচুল আলম (৩০) আৰু নুৰ মহম্মদ (৪৮) নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক দুয়োজনৰ ঘৰ মানকাচৰ আৰক্ষী থানাৰ অধীনৰ সোণাপাৰা গাৱঁত।

সূত্ৰটোৱে জনোৱা মতে জব্দ কৰা নিষিদ্ধ ঔষধখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা হ’ব।

মন কৰিব লগীয়া যে এইটো হ’ল সীমান্ত সুৰক্ষা বাহিনীটোৱে জব্দ কৰা দ্বিতীয় বৃহৎ পৰিমাণৰ য়াবা ঔষধ।

যোৱা ১৪ মাৰ্চত সীমান্ত বাহিনীটোৱে গৌৰীপুৰৰ পৰা গুৱাহাটী অভিমুখে যাব লগীয়া এখন বাছৰ পৰা য়াবা টেবলেট জব্দ কৰিছিল। সূত্ৰটোৱে লগতে কয় যে দেশৰ বিভিন্ন নগৰ-মহানগৰবোৰত এই ঔষধৰ ব্যাপক চাহিদা আছে। অসম তথা সমগ্ৰ উত্তৰ-পূবৰে সৈতে সংলগ্ন আন্তঃৰাষ্ট্ৰীয় সীমান্তইদি এই ঔষধবোৰ এই অঞ্চলবোৰলৈ সৰবৰাহ হৈ আহিছে।

উল্লেখযোগ্য যে য়াবা (Ya ba)ত কেফেইন আৰু মিথামফেটামিন (Methamphetamine) যুক্ত এই টেবলেটবোৰ ম্যানমাৰ, থাইলেণ্ড, ফিলিপাইন, ইণ্ডোনেছিয়া আদিৰ নিষিদ্ধ ড্ৰাগছৰ বজাৰত এই টেবলেটৰ বহুল প্ৰচলন আছে।