NORTHEAST NOW (Assamese)
অসম

সম্ভাৱ্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ এনিমেল কৰিডৰত ১৪৪ ধাৰা জাৰি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 6, 2021 2:36 pm
IMG_20210702_175837-750x375

আগন্তুক বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত বন্যপ্ৰাণী সমুহৰ সুৰক্ষাৰ বাবে বোকাখাতৰ মহকুমা দণ্ডাধীশ বিপুল দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এলেকাত তৎকালে বলৱৎ হোৱাকৈ  ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে।

এই নিৰ্দেশ অনুসৰি বোকাখাত মহকুমাৰ পানবাৰী এনিমেল কৰিডৰৰ পৰা হালধিবাৰীলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কোনো যান বাহন ৪০ কিলোমিটাৰতকৈ অধিক বেগত যাব নোৱাৰিব।

লগতে এই নিৰ্ধাৰিত এলেকাৰ পথৰ দাঁতিত থকা হোটেল, ধাবা তথা ৰেষ্টুৰেন্টসমূহৰ সন্মুখত কোনো গধুৰ যানবাহন ৰাখিব বা ৰখাই থব নোৱাৰিব।

কোনো ব্যক্তিয়ে এই নিৰ্দেশনা অমান্য কৰিলে ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোত উল্লেখ কৰিছে ।