NORTHEAST NOW (Assamese)
অসম

নতুন শিক্ষামন্ত্ৰী কোন হ’ল? স্বাস্থ্য আৰু ৰে’ল দপ্তৰো দিয়া হ’ল কোন নতুন মন্ত্ৰীৰ হাতত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2021 8:44 am
Assam HSLC exam: SEBA declares dates for form submission

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটায়।

৪৩ গৰাকী মন্ত্ৰীয়ে কালি শপতগ্ৰহণ কৰাৰ পিছতে মোদীৰ বৰ্তমানৰ মন্ত্ৰীসভাৰ সদস্য সংখ্যা হ’লগৈ ৭৭ গৰাকী। ইয়াৰ ভিতৰত কেবিনেট আৰু ৰাজ্যিক উভয় মন্ত্ৰীসকলেই আছে।

নতুন মন্ত্ৰীসভা গঠনৰ পূৰ্বে আগৰ বহু কেইগৰাকী মন্ত্ৰীৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ কৰ্তন কৰি আনি নতুন মন্ত্ৰীৰ হাতত সেইবোৰ অৰ্পন কৰা হয়।

বিশেষকৈ ক’ৰ’নাই কাবু কৰা ভাৰতবৰ্ষত স্বাস্থ্য দপ্তৰৰ লগতে শিক্ষা দপ্তৰ দুটা অতি গুৰুত্বপূৰ্ণ দপ্তৰ হিচাবে বিবেচিত হৈছে।

স্বাস্থ্যৰ বাবে মানুহে এতিয়া প্ৰতি মুহূৰ্ততে চিন্তিত হৈ থাকিবলগীয়া হৈছে।

একেদৰে ক’ৰ’নাতংকৰ বাবে ছাত্ৰী-ছাত্ৰীয়ে পৰীক্ষাত বহাৰো সুবিধা পোৱা নাই।

এনে এক জটিল সন্ধিক্ষণত শিক্ষা দপ্তৰটো পূৰ্বৰ শিক্ষামন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকৰ পৰা কৰ্তন কৰি ৰাজ্যসভাৰ সাংসদ ধৰ্মেন্দ্ৰ প্ৰধানৰ ওপৰত অৰ্পণ কৰা হৈছে। অৰ্থাৎ এতিয়াৰে পৰা দেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হ’ব ধৰ্মেন্দ্ৰ প্ৰধান।

পূৰ্বে ধৰ্মেন্দ্ৰ প্ৰধানে পেট্ৰ’লিয়াম দপ্তৰৰ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল। একেদৰে স্বাস্থ্য দপ্তৰটো ডাঃ হৰ্শবৰ্ধনৰ পৰা আঁতৰাই আনি ৪৯ বছৰীয়া মনসুখ মাণ্ডৱিয়াক দিয়া হৈছে।

ক’ৰ’নাৰ প্ৰথম আৰু দ্বিতীয় ঢৌ প্ৰতিৰোধৰ ক্ষেত্ৰত পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী ডাঃহৰ্ষবৰ্ধনে কিমান সফলতা লাভ কৰিলে তাকে লৈয়ো বিভিন্ন জনৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছিল।

বিশেষকৈ বাবা ৰামদেৱে ক’ৰ’নাৰ দৰৱ বুলি দাবী কৰা ক’ৰ’নিলৰ প্ৰচাৰত স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন পোণপটীয়াকৈ নামি পৰিছিল। এনে কাৰণতে হৰ্ষবৰ্ধন বহুতৰে অপ্ৰিয় হৈ পৰিছিল।

নতুন স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ সন্মুখত আহি পৰিব নতুন প্ৰত্যাহ্বান। কাৰণ অতি কম দিনৰ ভিতৰতে দেশক ক’ৰ’নাৰ তৃতীয়টো ঢৌৱে জোকাৰি যোৱাৰ আশংকা আছে।

ৰে’ল বিভাগক ব্যক্তিগত খণ্ডক দিয়াৰ কথাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে ৰে’ল মন্ত্ৰীৰ দায়িত্ব পূৰ্বৰ পিযুষ গোৱেলৰ পৰা কাটি আনি দিয়া হৈছে অশ্বিনী বৈষ্ণৱক। নতুন ৰে’লমন্ত্ৰীগৰাকীয়েও বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি ধাৰণা কৰা হৈছে।