NORTHEAST NOW (Assamese)
ক্ৰীড়া

হতবাক বিশ্ব; ধূসৰ বিশ্বজয়ৰ স্বপ্ন: প্ৰথম মেচতে স্বপ্নভংগৰ আশংকাত ডুবিল মেছি বাহিনী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2022 6:15 pm
Argentina vs Saudi Arabia FIFA World Cup 2022

“কাটাৰ বিশ্বকাপেই হ’ব শেষ বিশ্বকাপ”— ইতিপূৰ্বেই ঘোষণা কৰি থৈছে বিশ্ব ফুটবলৰ মুকুটবিহীন সম্ৰাট গৰাকীয়ে। ইয়াৰ পিছতে কোটি কোটি অনুৰাগীৰ মাত্ৰ এটাই আশা, এটাই স্বপ্ন- অন্তিম বিশ্বকাপত প্ৰথমটো বিশ্বকাপ খিতাপ হাতত তুলি লওক প্ৰিয় তাৰকাগৰাকীয়ে, চুম্বন দিয়ক আকাংক্ষিত স্বৰ্ণীল ট্ৰফীটোত!

কিন্তু এই স্বপ্ন পূৰণৰ প্ৰথমটো খোজতে উজুটি খালে লিঅ’নেল মেছিৰ ‘হট ফেভাৰিট’ আৰ্জেণ্টিনাই। সমগ্ৰ বিশ্বক হতবাক কৰি শক্তিশালী আৰ্জেণ্টিনাক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি কাটাৰত প্ৰথমটো অঘটন ঘটালে তুলনামূলকভাৱে দুৰ্বল চৌদি আৰৱে।

খেলৰ মাত্ৰ ১০ মিনিটতে পেনাল্টিৰ সুযোগ কাৰ্যকৰী কৰি প্ৰত্যাশিত আৰম্ভণি দিছিল মহাতাৰকা মেছিয়ে। ইয়াৰ পিছতো চলিল উপৰ্যুপৰি কেইবাটাও আক্ৰমণ। কিন্তু অফচাইডৰ ভূতে পিছ নেৰা আৰ্জেণ্টিনা বঞ্চিত হয় দুটাকৈ গলৰ পৰা।

প্ৰথমাৰ্ধ এই এটা গলৰ ব্যৱধানৰ অগ্ৰগতি লৈ আৰ্জেন্টিনাৰ দ্বিতীয়াৰ্ধত হেৰাই গ’ল স্বাভাৱিক ছন্দ। দলৰ সেই পৰিচিত খেলৰ ভংগী হেৰাই গ’ল চৌদিৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সমুখত।

দ্বিতীয়াৰ্ধৰ মাত্ৰ তিনি মিনিটত চৌদিৰ ছালেহ আলছেহৰীয়ে এক দৰ্শনীয় শ্বটেৰে আৰ্জেণ্টাইন গলৰক্ষক মাৰ্টিনেজক পৰাভূত কৰে। এই গলটোৰ পাঁচ মিনিট পাছতে চালেম আল্ডাওছাৰীয়ে চৌদিক দিয়ে দ্বিতীয়টো গলৰ সোৱাদ।

চৌদিৰ এই দুৰন্ত প্ৰদৰ্শনৰ ফলত মূৰত সৰগ ভাগি পৰে আৰ্জেণ্টাইন অনুৰাগীৰ। দলটোৰ দেৱাল সদৃশ ডিফেঞ্চ আৰু গলৰক্ষক মহম্মদ আল অ’ৱাইছৰ চমকপ্ৰদ প্ৰদৰ্শনে ব্যৰ্থ কৰি তুলিলে আৰ্জেণ্টিনাৰ কেইবাটাও আক্ৰমণ।

অৱশ্যে পৰিচিত ভংগীৰ তুলনাত আৰ্জেণ্টিনা আজি তেনেই নিষ্প্ৰভ। দলৰ নাছিল কোনো লং বা চৰ্ট পাছৰ চোক অথবা ডিফেঞ্চৰ শেহতীয়া প্ৰদৰ্শনৰ ছায়া। যাৰ বাবে দলটোৰ ৩৬ খন মেচত অপৰাজেয় ধাৰা আজি ভংগ হয়।

চৌদিৰ বিৰুদ্ধে এই অকল্পনীয় পৰাজয়ৰ পিছত এতিয়া ধূসৰ হৈ পৰিছে আৰ্জেণ্টিনাৰ বিশ্বজয়ৰ স্বপ্ন। কিয়নো গ্ৰুপ ‘চি’ৰ আন দুটা দল মেক্সিকো আৰু পোলেণ্ড তুলনামূলকভাৱে চৌদি আৰৱতকৈ শক্তিশালী দল।

এনে পৰিস্থিতিত মেছিৰ বিশ্বকাপ ট্ৰফীত চুম্বনৰ সেই পৰম আকাংক্ষিত দৃশ্যটি যেন আকাংক্ষিত হৈয়েই থাকি যাব, তেনে এক সন্দেহেই গা কৰি উঠিছে।