NORTHEAST NOW (Assamese)
অসম

জিআইএমটিত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ মুকলি

Posted by: এন ই নাও নিউজ March 30, 2018 12:14 pm
h.jpg

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জিআইএমটিত আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ৰ গ্ৰেণ্ড ফিনালে মুকলি কৰিলে জনজাতি পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জে এছ ভাভোৰে।

উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত প্ৰায় ৩০০ শিক্ষাৰ্থীয়ে ১০টা সমস্যাৰ সমাধানত ব্ৰতী হৈছে।

আকৰ্ষণীয় অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে শ্ৰীমন্ত শংকৰ একাডেমি চচাইটিৰ ৰাতুল দাসে আদৰণি ভাষণ আগবঢ়ায়।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে উত্তৰ- পূবৰ ভিতৰত জিআইএমটিয়ে হৈছে একমাত্ৰ কেন্দ্ৰ যিয়েই স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে।

hackathonভাৰতৰ বিভিন্ন জিলাৰ প্ৰায় ২৮ টা কেন্দ্ৰত ৩৬ ঘণ্টীয়া এই অবিৰত হেকাথন প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। ইয়াত প্ৰায় ১২৮২টা শিক্ষাৰ্থীৰ দলে একেলগে ৩৪০টা সমস্যাৰ সমাধানত ব্ৰতী হৈছে।

স্মাৰ্ট ইণ্ডিয়া হেকাথনত ২৭ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ১৮ গৰাকী ৰাজ্যিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অনুষ্ঠানটোত অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক কৃষ্ণ গোহাঁইও উপস্থিত আছিল।

এনে ধৰণৰ প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলক অধিক মনোযোগী কৰি তোলাৰ উপৰি ইয়ে তেওঁলোকৰ সৃজণীশীলতাক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।