NORTHEAST NOW (Assamese)
অসম

বাজেটত কোনসকল ছাত্ৰ-ছাত্ৰীৰ বাবে স্মাৰ্ট ফোন? অৰুণোদয় আঁচনিৰ ধন কিমান কৰা হ’ল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2021 4:42 pm
ss

অৰুণোদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা বৃদ্ধি কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে তেওঁৰ বাজেটত ধনৰ পৰিমাণ ১০০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে।

এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন ২০ লাখ ২১ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছে। এই আচঁনিত খৰচ কৰা হৈছে ১৬৭.৭৮ কোটি টকা

অৰুণোদয় আঁচনিৰ বাবে ১৮০০ কোটি টকা ধাৰ্য্য।

প্ৰতিটো বছৰৰ এটা মাহ ‘অৰুণোদয় মাহ’ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত।

চৰকাৰী বিদ্যালয় সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে স্মাৰ্ট ফোন।

স্মাৰ্ট ফোন প্ৰদানে ৮ লাখ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব।