NORTHEAST NOW (Assamese)
অসম

মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ বিষয়ত বাজেটত কেনে প্ৰস্তাৱ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2021 5:30 pm
money-2

ৰাজ্যত বিগত কিছুদিনি ধৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা অহা মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ বিষয়ত বাজেটত গ্ৰহণ কৰা হ’ল কেইবাটাও প্ৰস্তাৱ।

সেই মৰ্মে মাইক্ৰফাইনেন্সৰ ঋণ লোৱা ব্যক্তিসকলক একাধিক ভাগত ভগোৱা হ’ব।

ইয়াৰে প্ৰথম ভাগত পৰা লোকসকল হ’ব যিসকল লোকে নিয়মিত ভাবে ঋণৰ ধন প্ৰদান কৰি আছে।

ঋণৰ ধন প্ৰদানৰ ক্ষেত্ৰত নিয়ম মানি চলা বাবে তেওঁলোকক  উদগনিমূলক ভাব  ২৫,০০০ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰা হ’ব।

একেদৰে যিসকলে ১ৰ পৰা ৮৯ দিনলৈকে  ঋণ পৰিশোধ কৰা নাই তেওঁলোকে পৰিশোধ নকৰা ধন খিনি পৰিশোধ কৰাৰ ব্যৱস্থা কৰা হ’ব আৰু যেতিয়াই তেওঁলোকৰ একাউণ্ট নিয়মীয়া হ’ব আৰু ঋণ পৰিশোধ নিয়মীয়াকৈ কৰিবলৈ ধৰিব তেতিয়া তেওঁলোকক ২৫ হাজাৰ টকাৰ উদগনিমূলক অনুদান প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

মাইক্ৰফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত চৰকাৰৰ ১২০০০ কোটি টকাৰ প্ৰয়োজন হ’ব।

ইতিমধ্যে Assam Micro Finance Incentive and Relief Scheme (AMFIRS), 2021 নামৰ আঁচনি খনত চৰকাৰে অনুমোদন জনাইছে।