NORTHEAST NOW (Assamese)
অসম

জিলা গঠনৰ প্ৰস্তাৱ: তামুলপুৰত আৱতৰীয়া দীপাৱলীৰ পৰিবেশ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক July 17, 2021 3:30 pm
raid

অসম বিধানসভাত তামুলপুৰক জিলা গঠনৰ প্ৰস্তাৱ।

ইয়াৰ পিছতে আনন্দৰ বন্যা তামুলপুৰত। ফটকা ফুটাই, আতজবাজীৰে আৱতৰীয়া দীপাৱলী পালন।

প্ৰথম খন বাজেট অধিবেশনত ৰাজ্যৰ  বিত্তমন্ত্ৰী অজন্তা নেওগে  তামুলপুৰক জিলা গঠন কৰাক লৈ  প্ৰস্তাৱ গ্ৰহন কৰাত উৎফুল্লিত হৈ তামুলপুৰ বিজেপিয়ে আজি অসম চৰকাৰক আদৰণি জনাইছে।

আজি তামুলপুৰ প্ৰেছ ক্লাৱত তামুলপুৰ মণ্ডল বিজেপিৰ কৰ্মকৰ্তা সকলে আয়োজন কৰে এখন সংবাদ মেল।

সংবাদ মেলত অসম চৰকাৰে তামুলপুৰক জিলা ঘোষনা কৰা, তামুলপুৰত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা আৰু পাগলাদিয়া নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰাৰ যি সিদ্ধান্ত গ্ৰহন কৰিছে তাৰ বাবে বিজেপি দলে  ধন্যবাদ জ্ঞাপন কৰে চৰকাৰক৷

সংবাদ মেলত বিটিচিৰ চৰকাৰী মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী, বিটিচিৰ প্ৰাক্তন  কাৰ্যবাহী সদস্য দেবেন বড়ো, বাক্সা জিলা বিজেপিৰ সাধাৰন সম্পাদক ৰাজেশ বড়ো, উপ সভাপতি দ্বীপেন কলিতা, বিজেপি নেতা ৰাম বাচতোলা, গজেন দাস আদিকে ধৰি  বিজেপি কৰ্মী সকল উপস্থিত থাকে ।