NORTHEAST NOW (Assamese)
অসম

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ শিৱ থাপা

Posted by: এন ই নাও নিউজ March 21, 2019 12:57 pm
shivathapal

অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে পদক জয়ৰ উদ্দেশ্যেৰে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বক্সিং ৰিঙত নামিব অসমৰ ষ্টাৰ বক্সাৰ শিৱ থাপা। বেংককত অহা ১৯-২৮ এপ্ৰিললৈকে চলিব লগীয়া এছিয়াৰ সৰ্ববৃহৎ বক্সিং প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে শিৱ থাপাই।

প্ৰতিযোগিতাখনত থাপাই ৬০ কিলোগ্ৰাম শাখাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। থাপাই ইতিপূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰি থৈছে। বক্সাৰগৰাকীয়ে ২০১৩ চনত সোণ, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল।

খেলুৱৈগৰাকীৰ বৰ্তমানৰ ছন্দলৈ লক্ষ্য কৰিলে প্ৰতিযোগিতাখনত পদক জয় কৰাৰ সম্ভাৱনা পূৰ্ণ আছে। কিয়নো অলপতে ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হোৱা ৩৮সংখ্যক জিবি বক্সিং টুৰ্ণামেণ্টত অসমৰ এইগৰাকী প্ৰতিভাৱান বক্সাৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

শিৱ থাপাৰ উপৰি প্ৰতিযোগিতাখনৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা বক্সিং দলত স্থান লাভ কৰিছে অসমৰ আন এগৰাকী উদীয়মান তথা প্ৰতিভাশালী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই।