NORTHEAST NOW (Assamese)
অসম

ই ভি এম বিসংগতি : ভোটাৰে যতেই ভোট নিদিয়ক বিশেষ ৰাজনৈতিক প্ৰাৰ্থীৰ সপক্ষে পৰিল ভোট

Posted by: পাৰ্শ্বজ্যোতি গগৈ April 11, 2019 2:27 pm
Voters

আজি অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ ভোটদান প্ৰক্ৰিয়া চলি থকাৰ সময়তে শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ জয়ৰাপাৰ এম ই স্কুলৰ ১১৬ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিনত বেমেজালি হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

ই ভি এমৰ বিসংগতিৰ বাবেই ভোটাৰসকলে যতেই ভোট নিদিয়ক কিয় ভোটতো এটা বিশেষ ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে লাভ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই অভিযোগ উত্থাপন হোৱাত নিৰ্বাচনী বিষয়াই ৯. ১৫ বজাত উক্ত কেন্দ্ৰটোত ভোটগ্ৰহণ স্থগিত ৰাখে। পৰৱৰ্তী সময়ত নতুন এটা ই ভি এমৰ ব্যৱস্থা কৰাতহে ভোটদান প্ৰক্ৰিয়া পুনৰ আৰম্ভ হয়।

কিন্তু ইতিপূৰ্বে ভোটদান কৰা লোকসকলৰ ভোট বিশেষ ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে লাভ কৰিব নেকি তাক লৈ এতিয়া ভোটাৰৰ মাজত সৰৱ আলোচনা হোৱা পৰিলক্ষিত হৈছে। যিহেতু ইতিপূৰ্বে ২৯৮ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল। ভোট কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা ৯৫৬ টা।

ইফালে একেটা বিধানসভা সমষ্টিৰে ১২ নং পোলিং ষ্টেশ্যনৰ ৩৯৩ দৰবাৰ ফিল্ড এল পি স্কুলতো ভোটাৰে ভোট দি থকা অৱস্থাত ই ভি এমত বিজুতি ঘটে। ৯৯৫ জন ভোটাৰ থকা কেন্দ্ৰটোত সেই সময়ত ৪৪৩ গৰাকী ভোটাৰে ভোটদান সম্পন্ন কৰিছিল।

দুপৰীয়া ১১ বজাৰ তথ্য অনুসৰি শিৱসাগৰ আৰু আমগুৰিত ২৯ শতাংশ আৰু থাওৰাত ৩১ শতাংশ ভোটদান সম্পন্ন হৈছে।