NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত ক’ভিডে স্বামীহাৰা কৰা ৩২ গৰাকী মহিলাক সাহায্যৰ চেক বিতৰণ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 17, 2021 3:46 pm
raid

বৰ্তমান সময়ত মহামাৰী ক’ৰ’নাৰ বাবেই বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা, বহু লোকে হেৰুৱাব লগা হৈছে নিজৰ প্ৰাণ, হেৰুৱাবলগীয়া হৈছে বহু আত্মীয়ক, আপোনজনক।

ইফালে যি সকল দৰিদ্ৰ পৰিয়ালৰ মহিলাই ক’ভিড মহামাৰীত নিজৰ স্বামীক হেৰুৱাইছে সই সকল মহিলাক সকাহ দিয়াৰ উদ্দেশ্যে বৰ্তমান মুখ্যমন্ত্ৰী সাহায্য আঁচনিৰ দ্বাৰা সমগ্ৰ অসমতে ৮৭৩ গৰাকী স্বামীহাৰা মহিলাক  আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।

সমগ্ৰ অসমৰ লগতে বিশ্বনাথতো আজি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কভিড মহামাৰীত স্বামীহাৰা মহিলাৰ বাবে আশাৰ সঞ্চাৰ আচঁনিৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ এককালীন সাহায্য হিচাপে ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকাই ক’ভিড মহামাৰীত স্বামীক হেৰুৱাই বৈধৱ্যৰ জীৱন নিৰ্বাহ কৰা মহিলাক কিছু সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰণয়ন কৰা আশাৰ সঞ্চাৰ নামৰ নতুন আঁচনিৰ জৰিয়তে ৩২ গৰাকীক চেক প্ৰদান কৰে।

স্বামীহাৰা হোৱা মহিলাসকলক এই বিশেষ সাহায্য আঁচনিৰ অধীনত দিয়া হয় এক কালীন আঢ়ৈ লাখ টকাৰ চেক।

বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই আঁত ধৰা সভাত বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকা,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা উপস্হিত থাকে।