NORTHEAST NOW (Assamese)
অসম

ভূ-স্বৰ্গ কাশ্মীৰলৈ উভতিছে শান্তি: প্ৰত্যাহাৰ কৰা হ’ব নিৰাপত্তা বাহিনীৰ ১০০টা কোম্পানী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 8:05 pm
army

ভূ-স্বৰ্গ কাশ্মীৰলৈ ক্ৰমাৎ উভতি আহিছে শান্তি। আপাততঃ এনে ধাৰণাই কৰিছে কেন্দ্ৰীয় গৃহ দপ্তৰে।

সেইবাবেই কাশ্মীৰ উপত্যকাৰ পৰা চৰকাৰে নিৰাপত্তা বাহিনীৰ ১০০টা কোম্পানী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

আজি কেন্দ্ৰীয় গৃহ দপ্তৰৰ এক উচ্চস্তৰীয় বৈঠকে কাশ্মীৰৰ পৰা নিৰাপত্তা বাহিনীৰ ১০০টা কোম্পানী প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰত্যাহাৰ কৰিবলগীয়া নিৰাপত্তা বাহিনী সমূহৰ কোম্পানী কেইটাৰ ভিতৰত ৪০ টা চি আৰ পি এফৰ,২০টা বি এছ এফ,এছ এছ বিৰ কোম্পানীও আছে।

উল্লেখ্য কাশ্মীৰত বিগত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে কাশ্মীৰ উপত্যকাত বহু পৰিমাণে হিংসাত্মক ঘটনা প্ৰাস পাইছে।

সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছতে কাশ্মীৰত কমেও ৩৪ শতাংশ কূটাঘাতৰ ঘটনা প্ৰাস পোৱা বুলি কিছুদিন পূৰ্বে এক সমীক্ষা প্ৰকাশ পাইছিল।

বিগত বৰ্ষৰ আগষ্ট মাহত কাশ্মীৰত অধিক হিংসাৰ আশংকা কৰি নিৰাপত্তা বাহিনীৰ বহু কেইটা কোম্পানী কাশ্মীৰলৈ নিয়া হৈছিল।

যোৱা মে’ মাহত ইয়াৰে ১০ টা কোম্পানী কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল। এতিয়া ১০০টা কোম্পানীক পুনৰ পূৰ্বৰ স্থানলৈ উভতি যোৱাৰ বাবে কোৱা হৈছে।

১০০টা কোম্পানী প্ৰত্যাহাৰৰ পিছত কাশ্মীৰত চি আৰ পি এফৰ ৬০ টা কোম্পানী কাশ্মীৰত ৰৈ যাব।