NORTHEAST NOW (Assamese)
Popular Stories

এতিয়াৰে পৰা চৰকাৰী আৰু বেংকৰ চাকৰি লাভ কৰিবলৈ সহজ হ’ব চাকৰি প্ৰত্যাশীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 7:40 pm
index.jpgk

এতিয়াৰে চৰকাৰী আৰু বেংকৰ চাকৰি লাভ কৰিবলৈ সহজ হ’ব চাকৰি প্ৰত্যাশীৰ।

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(National Recruitment Agency) গঠন কৰি  চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া বিস্তৰৰূপত শিথিল কৰিছে।

বুধবাৰে ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ এই প্ৰস্তাৱক অনুমোদন কৰিছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে।

এই সংস্থাই এতিয়াৰ পৰা চৰকাৰী আৰু ৰাষ্ট্ৰায়াত্ত বেংকৰ চাকৰিত উমৈহতীয়া যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অনুষ্ঠিত কৰি প্ৰাৰ্থীৰ বাচনি কৰিব।

ইয়াৰ ফলত চাকৰি প্ৰাৰ্থীয়ে পূৰ্ব বিভিন্ন পৰ্যায়ৰ পৰীক্ষা দিয়াৰ পৰা ৰেহাই পাব আৰু নিযুক্তি সম্পৰ্কীয় জতিলতাসমূহো দূৰ হ’ব বুলি ধাৰণা কৰা হৈছে।

NRAক কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে NRAৰ অনুমোদনক এক ঐতিসাহিক সিদ্ধান্ত বুলি অভিহিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে ইয়াৰ ফলত দেশৰ যুৱ প্ৰজন্মই অতি সহজে চৰকাৰী চাকৰিৰ লাভ কৰিবলৈ সক্ষম হ’ব।

চৰকাৰী চাকৰিৰ পূৰ্বৰ বাচনি প্ৰক্ৰিয়াৰ জতিলতাসমূহ আঁতৰাই এই NRAএ নিযুক্তিৰ প্ৰক্ৰিয়াটোক সহজ কৰি তুলিবও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।

“চৰকাৰী চাকৰিৰ বাবে প্ৰাৰ্থীসকলে কেবাটাও পৰ্যায়ৰ পৰীক্ষা দিয়াৰ লগতে একেটা পদৰ বাবে মাচুলো বাৰেপতি দি থাকিব লাগে। NRAএ এই সকলোবোৰ আঁতৰাই চৰকাৰৰ বিভিন্ন চাকৰিৰ বাবে এটা উমৈহতীয়া পৰীক্ষাহে অনুষ্ঠিত কৰিব।” কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয়।

ইফালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে NRAক ‘বৈপ্লৱিক সংস্কাৰ’ বুলি অভিহিত কৰিছে।