NORTHEAST NOW (Assamese)
অসম

অৰ্জুন বঁটালৈ মনোনয়ন: লাভলিনা, মীৰাবাই চানুলৈ অভিনন্দন নৰ্থইষ্ট ইউনাইটেড এফচিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 7:28 pm
North East United FC congratulates Lovlina Borgohain, Mirabai Chanu on being nominated for Arjuna Award

নৰ্থইষ্ট ইউনাইটেড এফচিয়ে এই বছৰৰ অৰ্জুন বঁটাৰ বাবে মনোনয়ন লাভ কৰা অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই আৰু মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুলৈ অভিনন্দন জ্ঞাপন কৰিছে।

উত্তৰ-পূবৰ এই দুগৰাকী তাৰকা খেলুৱৈয়ে শেহতীয়াকৈ অৰ্জুন বঁটাৰ বাবে মনোনীত ২৯জনীয়া তালিকাত স্থান লাভ কৰিছে।

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়ৰ বাচনি সমিতিয়ে তেওঁলোকক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিছে।

অসমৰ পাঁচগৰাকী ক্ৰীড়া ব্যক্তিত্বই এতিয়ালৈকে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপা আৰু হিমা দাসে এই সন্মান লাভ কৰিছিল।

সদৌ অসম বক্সিং এছ’ছিয়েচনকে ধৰি বিভিন্ন ক্ৰীড়া সংস্থা আৰু খেলুৱৈয়ে লাভলিনাই অৰ্জুন বঁটাৰ বাবে মনোনয়ন পোৱাত আনন্দ প্ৰকাশ কৰিছে।