NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ দলৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰত্নেশ্বৰ দেউৰীৰ পদত্যাগ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী October 4, 2021 1:24 pm

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে তিৱা জন জাতিৰ হকে বহু কাম কৰিম বুলি বিশ্বাস দিছিল।

কিন্তু নৱগঠিত এই ৰাজনৈতিক দলটোৱে তিৱা জাতিৰ হকে ৰাইজৰ দলৰ কোনো বিশেষ গুৰুত্ব নথকাৰ বাবেই এই দলৰ পৰা পদত্যাগ কৰে ৰাইজৰ দলৰ মৰিগাঁও জিলাৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰত্নেশ্বৰ দেউৰীয়ে।

পদত্যাগ কৰিয়ে অখিল গগৈ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ৰাখি তেওঁ কয় ” ১ বছৰ ধৰি ৰাইজৰ দলৰ লগত জড়িত হৈ আছিলোঁ কিন্তু এই এক বছৰ কালত ৰাইজৰ দলে তিৱা জাতি জনগোষ্ঠী সকলৰ উন্নয়নৰ হকে কোনো ধৰণ মাত মতা দেখা নগ’ল।

যিহেতু তিৱা জাতিৰ লগত উন্নয়নৰ কোনো কাৰ্যসূচী গ্ৰহণ নকৰিলে আৰু গুৰুত্ববিহীন কৰি তুলিলে সেইবাবে পদত্যাগ কৰিবলৈ মই বাধ্য হ’লো।

গুৰুত্বপূৰ্ণ বিষয় এই যে নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক ৰাইজৰ দলে অনাগত কালত আঞ্চলিক শক্তিৰ কথা চিন্তা কেনেদৰে কৰে সেয়া লক্ষণীয় হ’ব।