NORTHEAST NOW (Assamese)
অসম

পুত্ৰৰ পাছপ’ৰ্টৰ পৰা পিতৃৰ নাম আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ; গোচৰত জিকিল ‘ছিংগল মাডাৰ’

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 2, 2023 10:22 am
পুত্ৰৰ পাছপ’ৰ্টৰ পৰা পিতৃৰ নাম আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ; গোচৰত জিকিল ‘ছিংগল মাডাৰ’

অকলশৰীয়া মাতৃ হিচাপে পুত্ৰক ডাঙৰ-দীঘল কৰিছে। সন্তানটো অলপ ডাঙৰ হোৱাৰ পাছতেই আদালতৰ দ্বাৰস্থ হৈছিল। তেওঁৰ বক্তব্য আছিল যে পুত্ৰৰ জন্মৰ আগতেই পিতৃয়ে তেওঁক এৰি থৈ গৈছে। এনে অৱস্থাত ‘ছিংগল মাডাৰ’গৰাকীয়ে পুত্ৰৰ পাছপ’ৰ্টৰ পৰা পিতৃৰ নাম আঁতৰাবলৈ অনুৰোধ জনাইছিল।

অভিযোগকাৰীৰ বক্তব্য আছিল যে পিতৃয়ে পুত্ৰৰ জন্মৰ আগতেই গুচি যোৱাই নহয়, জন্মৰ পিছতো কোনো দায়িত্ব ল’ব নিবিচাৰিলে। সেয়ে, নাবালক পুত্ৰৰ পাছপ’ৰ্টত যাতে পিতৃৰ নাম নাথাকে তাৰ বাবে আবেদন জনাইছিল মাতৃয়ে। সেই গোচৰত তেওঁ জয়ী হৈছে।

লগতে পঢ়ক: পোহনীয়া কুকুৰে কামুৰিলে এইবাৰ ১০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব গৰাকীয়ে! ক’ত জানেনে?

সূত্ৰ অনুসৰি, দিল্লী উচ্চ ন্যায়ালয়ে অকলশৰীয়া মাতৃগৰাকীৰ পক্ষত ৰায় দিছে। ন্যায়াধীশ প্ৰতিভা এম সিঙে সকলো দিশ পৰীক্ষা কৰি পুত্ৰৰ পাছপ’ৰ্টৰ পৰা পিতৃৰ নাম আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

বাতৰি অনুসৰি, ন্যায়াধীশগৰাকীয়ে কয় যে এই গোচৰত পিতৃয়ে পুত্ৰক সম্পূৰ্ণৰূপে এৰি থৈ গৈছে। আদালতে কয় যে কিছুমান ক্ষেত্ৰত পিতৃৰ নাম আঁতৰাব পাৰি। উপাধিও সলনি কৰিব পাৰি।

লগতে পঢ়ক: জি এছ টি সংগ্ৰহত অভিলেখ; ৰাজ্যসমূহৰ পৰা এমাহত কেন্দ্ৰৰ জোলোঙাত সোমাল বৃহৎ ৰাজহ

ন্যায়াধীশে গোচৰটো পৰ্যবেক্ষণ কৰি পাছপ’ৰ্ট কৰ্তৃপক্ষক পিতৃৰ নাম আঁতৰাই অভিযোগকাৰী অকলশৰীয়া মাতৃগৰাকীৰ পুত্ৰৰ বাবে নতুন পাছপ’ৰ্ট প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।