NORTHEAST NOW (Assamese)
অসম

‘’ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ভাৰতীয় নাগৰিকক বিদেশী সজাবলৈ কৰা হৈছিল নেকি?’’-তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 8, 2019 2:46 pm
index

“২০২১ চনত আমি আকৌ আহিম, ৮০ খন আসন পাব কংগ্ৰেছে। মই সেই কাৰণেই যুদ্ধ কৰি আছো।‘’ আজি মন্ত্ৰী আবাসত এক সংবাদমেল সম্বোধন কৰি এই দাবী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

সংবাদমেল তেওঁ আৰু কয়, ‘’বিজেপিয়ে ১০০ খন আসন পাম বুলি মুখেৰে ক’লেই নহ’ব,তেওঁলোকে হাতে কামে উন্নয়ন কৰি দেখাওক।‘’

“আজি ৰাস্তা ঘাটৰ কি অৱস্থা? নিবনুৱাৰ সমস্যা সমাধান হ’ল নে?’’ ৰাজ্য চৰকাৰখনৰ প্ৰতি এই প্ৰশ্ন প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰশ্ন কৰি গগৈয়ে সংবাদমেলত লগতে কয়,”তেওঁলোকে গাডকাৰীক লগ কৰিব লগা অৱস্থা কিয় হৈছে ?’’

ইপিনে, কালি প্ৰাক্তন সেনা বিষয়া সোনা উল্লাহৰ জামিন আবেদন মঞ্জুৰ কৰাৰ পাছতেই গগৈয়ে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে প্ৰাক্তন সেনা বিষয়া গৰাকীক লৈ যি আস্থা আৰু তৎপৰতা দেখুৱাব লাগিছিল সেয়া তেওঁলোকে নেদেখুৱালে,এইটো অতিকৈ দুৰ্ভাগ্যজনক।

আনহাতে, এই সংবাদমেলতেই  এন আৰ চিক লৈ সৰৱ হৈ গগৈয়ে পুনৰ এনআৰচি এখন পেলনীয়া কাগজ বুলি মন্তব্য কৰে। তেওঁ লগতে প্ৰশ্ন কৰে যে ‘’ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ভাৰতীয় নাগৰিকক বিদেশী সজাবলৈ কৰা হৈছিল নেকি? লাখ লাখ নাগৰিকৰ এতিয়া কি হ’ব ?’’

তেওঁ উচ্চতম ন্যায়ালয়েই এতিয়া এন আৰ চিৰ বাবে লোকসকলৰ শেষ আস্থা বুলিও মন্তব্য কৰে।

ইপিনে, বিধানসভাৰ চাৰি গৰাকী বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত খালি হৈ থকা চাৰিখন আসনত কংগ্ৰেছে আশাপ্ৰদ ফল দেখুৱাব বুলিও গগৈয়ে দাবী কৰে। গগৈয়ে কয়, “জনিয়া খনটো আমি আনিবই লাগিব বাকী কেইখনটো আমি প্ৰাৰ্থী জয়ী কৰিবলৈ চেষ্টা কৰিম।‘’

আনহাতে, বিজেপি চৰকাৰক ৰাইজে দুবাৰ শাসন কৰিবলৈ সুযোগ দিলে বুলি মন্তব্য কৰি গগৈয়ে কয় যে টেঙা আম দুবাৰ হে বেচিব পাৰিব বিজেপিয়ে।

“ইভিএম ব্যৱস্থাটো গুচাব লাগে বুলি মই আগতে কৈছিলোঁ। বহু উন্নত দেশত এই ব্যৱস্থাটো নাই,”-গগৈয়ে লগতে কয়।