NORTHEAST NOW (Assamese)
অসম

জি আই এম টি, তেজপুৰৰ উদ্যোগত বিনামূলীয়া কেৰিয়াৰ সজাগতা সভা সম্পন্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2019 3:51 pm

তেজপুৰ ডেকাৰ গাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰৰ সামাজিক কল্যাণকামী ক্লাব ‘সহযোগ’ৰ উদ্যোগত আজি ৮ জুন তাৰিখে ‘আছাম ভেলী একাডেমী’ত এখন বিনামূলীয়া কেৰিয়াৰ সজাগতা সভা  অনুষ্ঠিত হয়।

দিনৰ ১২ বজাৰ পৰা আয়োজিত অনুষ্ঠানটোত কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা জি আই এম টি, তেজপুৰৰ অধ্যক্ষ ড0 বুলজিৎ বুঢ়াগোহাঁয়ে।

অনুষ্ঠানটোত কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়োৱাৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬ বজাৰৰ পৰা ৯ বজালৈ ফোনযোগে আগবঢ়োৱা তেওঁৰ কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।

বুঢ়াগোহাঁয়ে  ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা আৰু বাণিজ্য শাখাত শিক্ষাগ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে যে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়েও বাখ্যা আগবঢ়ায়।

কেৰিয়াৰ সজাগতা সভাখনত ‘আচাম ভেলী একাডেমী’ৰ কলা আৰু বাণিজ্য শাখা  ছাত্ৰ-ছাত্ৰীসকলৰ লগতে একাডেমীৰ  পৰিচালক, অধ্যক্ষ তথা আন শিক্ষক-শিক্ষয়ত্ৰীসকলও উপস্থিত থাকে।