NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াৰ নিয়ন্ত্ৰণত ইউক্ৰেইনৰ চহৰ! বাখমুটৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰিলে ৱেগনাৰ সেনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2023 8:29 am

ইউক্ৰেইনৰ বাখমুট চহৰৰ পৰা ৰাছিয়াৰ সমৰ্থিত ৱেগনাৰ বাহিনীৰ প্ৰত্যাহাৰ আৰম্ভ হৈছে। এই খবৰ বৃহস্পতিবাৰে সেনাই অৱগত কৰে।

ৱেগনাৰৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনে ঘোষণা কৰে যে ১ জুনৰ ভিতৰত বাখমুটৰ পৰা সকলো সৈন্য প্ৰত্যাহাৰ কৰা হ’ব। অৱশ্যে কিয়েভে কয় যে ইউক্ৰেইনৰ সৈন্যই এতিয়াও বাখমুটৰ কিছু অংশ দখল কৰি আছে।

লগতে পঢ়ক: নিলামত অভিলেখ মূল্যত বিক্ৰী হ’ল টিপু চুলতানৰ তৰোৱাল; কিমান উঠিল দাম?

ইপিনে, ৱেগনাৰৰ মুৰব্বীয়ে ঘোষণা কৰিছিল যে তেওঁৰ বাহিনীয়ে বাখমুটৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লৈছে আৰু চহৰখন নিয়মীয়া ৰাছিয়ান সেনাৰ হাতত গতাই দিব। সেই ঘোষণা অনুসৰি ২৫ মে’ৰ পৰা ১ জুনৰ ভিতৰত বাখমুটৰ পৰা ৱেগনাৰ সেনা প্ৰত্যাহাৰ কৰা হ’ব।

প্ৰিগোজিনে দাবী কৰিছে যে এই যুদ্ধত ৱেগনাৰ সেনাৰ ২০ হাজাৰ সৈনিক নিহত হৈছে। টেলিগ্ৰামত ভিডিঅ’ বাৰ্তাযোগে তেওঁ কয় যে আমি আজিৰে পৰা বাখমুটৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিছো।