NORTHEAST NOW (Assamese)
Popular Stories

সন্তুষ্টিৰ হাঁহি! হাস্যবদনে আতিশীৰ পদত্যাগপত্ৰ গ্ৰহণ উপ-ৰাজ্যপালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2025 1:27 pm

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে দেওবাৰে (৯ ফেব্ৰুৱাৰী, ২০২৫) উপ-ৰাজ্যপাল ভি. ছাক্সেনাক দিল্লী সচিবালয়ত সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে।

উপ-ৰাজ্যপাল ছাক্সেনাই পদত্যাগ পত্ৰ লাভ কৰি নতুন চৰকাৰ গঠন নোহোৱালৈকে নিজৰ পদত থাকিবলৈ আতিশীক কয়।

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰমেশ বিধুৰীক ৩৫২১ ভোটত পৰাস্ত কৰি কলকাজীত আসন অক্ষুণ্ণ ৰাখিলেও আম আদমী পাৰ্টীয়ে দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ শক্তিশালী ৪৮খন আসনৰ বিপৰীতে মাত্ৰ ২২খন আসন লাভ কৰি পৰাস্ত হয়।

উল্লেখ্য যে, বুধবাৰে (৫ ফেব্ৰুৱাৰী, ২০২৫) অনুষ্ঠিত হোৱা দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল শনিবাৰে (৮ ফেব্ৰুৱাৰী, ২০২৫) ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰে।

৭ ফেব্ৰুৱাৰী তাৰিখে গেজেট অধিসূচনাযোগে দিল্লী এল-জি ছাক্সেনাই ৰাষ্ট্ৰীয় ৰাজধানীৰ সপ্তম বিধানসভা ভংগ কৰে। আজি ৰাজহুৱা কৰা হয় এই নিৰ্দেশ।