NORTHEAST NOW (Assamese)
অসম

অতি বেছি কৰিবলৈ যোৱাৰ ফল! হৰি নামত চাৰ্কাছ দেখুৱাবলৈ গৈ লুটি খাই পৰিল নামতি কৰিশ্মা নাথ

February 9, 2025 1:13 pm

পুনৰ এবাৰ বিতৰ্কলৈ আহিছে নাগাৰা নামৰ তথাকথিত শিল্পী কৰিশ্মা নাথ। ঠিক বিতৰ্ক নহয়, নাগাৰা নাম পৰিৱেশন কৰি এইবাৰ দৰ্শকৰ হাঁহিয়াতৰ পাত্ৰ হ’বলগীয়া হ’ল কৰিশ্মা।

নাগাৰা নাম পৰিৱেশন কৰি থাকোঁতে বাগৰি পৰিল কৰিশ্মা নাথ। নাগাৰা নাম পৰিৱেশনৰ সময়ত জঁপিয়াই জঁপিয়াই তাল পৰিৱেশন কৰোঁতে লুটি খাই পৰিল কৰিশ্মা নাথ।

ইতিমধ্যে ফেচবুক আৰু ইউটিউবত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডি’অ।

ভাইৰেল হোৱা ভিডিঅ’ সমূহত নেটিজেনে সমালোচনা আৰু ভৎসনা কৰিছে কৰিশ্মা নাথক।

ইয়াৰ পূৰ্বেও দৃষ্টিকটুভাবে নাম পৰিৱেশন কৰাৰ বাবে সমালোচিত হৈ আহিছে কৰিশ্মা। নাগাৰা নামক আধুনিকীকৰণৰ নামত বিকৃত ৰূপত উপস্থাপন কৰাক লৈ কৰিশ্মাক লৈ অসন্তুষ্ট বিদ্বৎ সমাজ।