NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পশ্চিম যোৰহাটৰ ৮ নং স্পাৰত প্ৰবল খহনীয়া, স্থায়ী সমাধান নকৰিলে চৰকাৰে

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 17, 2021 9:01 pm
girl

উত্তৰ-পশ্চিম যোৰহাটৰ  ৮ নং স্পাৰত প্ৰৱল খহনীয়াl

নৈৰ বুকুত জাহ গৈছে শাক-পাচলিৰ খেতি l

উত্তৰ-পশ্চিম যোৰহাটৰ ৮নং স্পাৰত তীব্ৰ  খহনীয়াই সাধাৰণ ৰাইজক শংকিত কৰি তুলিছে।

শংকিত হৈ পৰিছে এতিয়া খেতিয়ক ৰাইজ।

নৈপৰীয়া খেতি মাটি এতিয়া নৈত জাহ গৈছে লগতে শাক-পাচলিৰ খেতিও নৈত জাহ গৈছে।

কুইন্টল কুইণ্টলকৈ পাচলি নষ্ট হৈছে নদীৰ পানীত।

কমদিনৰ ভিতৰত জহি খহি যাবলৈ এই উত্তৰ-পশ্চিম যোৰহাটৰ ৮নং স্পাৰ।

অঞ্চলবাসী ৰাইজৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে  ৮নং স্পাৰ।

৮নং স্পাৰৰ অধিক সংখ্যক অতি দৰিদ্ৰ পৰিয়ালৰ কৃষিজীৱি লোক।

পেটৰ ভাতমুঠিৰ বাবে বহু সংগ্ৰাম কৰিবলগীয়া হয় এইসকল ৰাইজে।

কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৰিয়াল চলোৱাৰ লগতে ল’ৰা-ছোৱালীক পঢ়ুৱাইছে।

কিন্তু শাক-পাচলিৰ খেতি বৰ্তমান নৈত জাহ গৈছে।

যাৰ বাবে আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে এইসকল ৰাইজ।

উল্লেখ্য যে, প্ৰতিবছৰে খহনীয়া হৈ থকাৰ পিছতো আজিলৈকে স্থায়ী সমাধান নকৰিলে চৰকাৰে।