NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত কেঁচা চাহ পাতৰ মূল্য হ্ৰাসক লৈ তীব্ৰ প্ৰতিক্ৰিয়া; আন্দোলনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 18, 2021 1:51 pm
small tea planter

ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বিশ্বনাথ জিলাতো সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কে জাতীয় অৰ্থনীতিলৈ অবদান আগবঢ়াই আহিছে।

জিলা খনত ক্ষুদ্ৰ চাহ খেতিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাবে জৰিত হৈ আছে আছে ৩০ হেজাৰৰৰো অধিক লোক{

কিন্তু এই চাহ খেতিয়কসকলে চলিত বৰ্ষৰ জুন মাহৰ পৰা কেঁচা পাতৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ অহা বুলি অভিযোগ কৰিছে বিশ্ব নাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।

সন্থাৰ সভাপতি আৰু সম্পাদককে অভিযোগ কৰা মতে মে’ মাহত কেঁচা পাতৰ উৎপাদন কম থকা অৱস্থাত প্ৰতি কেজিত ৩৭ টকালৈকে লাভ কৰিছিল যদিও জুন মাহত কেঁচাপাতৰ উৎপাদন বৃদ্ধিৰ লগে লগে কেঁচা পাতৰ মূল্য ধাৰাবাহিকভাবে হ্ৰাস হ’বলৈ ধৰে।

জুলাই মাহত কেঁচাপাতৰ মূল্য ১৭টকালৈ হ্ৰাস পায়। যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে।

সন্থাই জনোৱা মতে যোৱা জুন মাহত বিশ্বনাথৰ উপায়ুক্তৰ উপস্থিতিত হৈ যোৱা টি মনিটৰিং কমিটিৰ আলোচনাত (Tea Monitoring bored) সৰ্বসন্মতিক্ৰমে ২৮.৭২ টকা নিৰ্ধাৰণ কৰাৰ পিছতে বট লিফ ফেক্টৰি সমূহে চাহৰ মূল্য হ্ৰাস কৰে।

কলঘৰ স্বতাধিকাৰী সকলে চাহ খেতিয়কক এই মূল্য প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বিষয়টো অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকাৰ উপস্থিতিত জিলা উপায়ুক্তক অৱগত কৰা হৈছিল।

তেওঁ এই সমস্যা সামাধানৰ আশ্বাস প্ৰদান কৰে যদিও আজিলৈকে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰা বুলি সন্থাই অভিযোগ কৰে।

অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে চাহপাত তোলা কাৰ্য্য অনিৰ্দিষ্ট কালৰ বাবে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সন্থাৰ সভাপতি ৰাজীৱ শইকীয়া আৰু সম্পাদক ভৰত কলিতাই জানিবলৈ দিছে।