NORTHEAST NOW (Assamese)
অসম

মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত পুনৰ ৰাজপথত মহিলা; মুখ্যমন্ত্ৰীক মানসিক ৰোগত ভোগা বুলি মন্তব্য

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ July 18, 2021 1:04 pm
Microfinance issue

বিধান সভাৰ অধিবেশনত মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত যি তিনিটা চৰ্ত আৰোপ কৰিছে সেই ক্ষেত্ৰত মুঠেই সন্তুষ্ট নহয় ৰাজ্যৰ মহিলাসকল।

মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত আজি  শিৱসাগৰৰ পানবেচাত আজি পুনৰ মহিলা সকলক ওলাই অহা দেখা গ’ল।

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী কৰে এই সকল মহিলাসকলে।

উল্লেখ্য যে ৰাজ্যত প্ৰায় ২৬ লাখ মহিলাই বিভিন্ন মাইক্ৰফাইনেঞ্চ কোম্পানীৰ পৰা প্ৰায় ১২ হাজাৰ কোটি টকাৰ ঋণ লৈছিল।

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত ৰাজ্যৰ মহিলা সকলৰ মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰি দিব বুলি ঘোষণা কৰিছিল।

কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত এইসকল মহিলাৰ মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত কিছুমান চৰ্ত আৰোপ কৰাত ক্ষুন্ন হৈ পৰিছে ৰাজ্যৰ মহিলাসকল।

আনকি মুখ্যমন্ত্ৰীক মানসিক ৰোগত ভোগা বুলিও মন্তব্য কৰে প্ৰতিবাদী মহিলাই।

আনহাতে, চৰকাৰক নিজৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ সোঁৱৰাই দিয়ে এইসকল মহিলাই।