NORTHEAST NOW (Assamese)
দেশ

দিনটো ফোন চাই জয় শ্ৰী ৰাম ধ্বনি দি তাৰ পিছত ভোকত মৃত্যু হওক, এয়াই বিচাৰে মোদীয়ে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2024 4:44 pm
Rahul Gandhi Narendra Modi

প্ৰধানমন্ত্ৰী মোদীয়ে বিচাৰে, দেশবাসীয়ে দিনটো ফোন চাওক, জয় শ্ৰী ৰাম কওক আৰু তাৰ পিছত ভোকত সকলোৰে মৃত্যু হওক! মোদীক লক্ষ্য কৰি এই তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে।

আজি মধ্যপ্ৰদেশৰ সৰংপুৰৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা পুনৰ আৰম্ভ হোৱাৰ সময়তে ৰাহুল গান্ধীয়ে এই মন্তব্য কৰে। দেশৰ নিবনুৱা সমস্যাৰ ওপৰত মোদীৰ দৃষ্টি আকৰ্ষণ কৰি এই কটাক্ষ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত একাংশ বিজেপি কৰ্মীয়ে “মোদী, মোদী” আৰু “জয় শ্ৰী ৰাম” ধ্বনি দিয়ে। বিজেপি কৰ্মীসকলে লগতে গান্ধীক আলু আগবঢ়ায় আৰু বিনিময়ত তেওঁক সোণ দিবলৈ কৈ কটাক্ষ কৰে।

বিজেপি কৰ্মীসকলে দিয়া এই ধ্বনিক আদৰণি জনায় ৰাহুল গান্ধীয়ে আৰু নিবনুৱা সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি কয় যে নিবনুৱা যুৱক-যুৱতীসকলে গোটেই দিনটো ছ’চিয়েল মিডিয়াত ৰিল চাই থাকে।

তেওঁ লগতে বিজেপি কৰ্মী তথা সমাৰ্থকসকলক কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে বিচাৰে যে আপোনালোকে গোটেই দিনটো ফোন চাই জয়শ্ৰী ৰাম ধ্বনি দি তাৰ পিছত ভোকত প্ৰাণ হেৰুৱাওক।” ভাৰতৰ নিবনুৱাৰ হাৰ পাকিস্তানৰ সংখ্যাতকৈও দুগুণ বুলি উদ্বেগ প্ৰকাশ কৰে গান্ধীয়ে।

বাংলাদেশ আৰু ভূটানৰ তুলনাতো ভাৰতত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা বেছি বুলি দাবী কৰে ৰাহুল গান্ধীয়ে। লগতে ভাৰতৰ নিবনুৱাৰ হাৰ যোৱা ৪০ বছৰৰ ভিতৰতে সৰ্বাধিক বুলি মন্তব্য কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।