NORTHEAST NOW (Assamese)
দেশ

নিৰ্বাচনৰ আগে আগে বিৰোধীৰ বিৰুদ্ধে আকৌ সৰৱ ইডি : প্ৰাক্তন মন্ত্ৰীৰ পত্নীৰ পৰা জব্দ ৪৫ লাখ টকাৰ সম্পত্তি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 5, 2024 4:23 pm

পুনৰ বিৰোধীৰ বিৰুদ্ধে চলিছে ইডিৰ অভিযান। নিৰ্বাচনৰ পূৰ্বে পুনৰ বিৰোধী নেতাৰ্ৰ ওপৰত অভিযান চলাইছে ইডিয়ে। এইবাৰ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীৰ সম্পত্তি জব্দ কৰিলে বলৱৎকাৰী সঞ্চালকালয়, চমুকৈ ইডিয়ে।

প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰশ্বিদৰ পত্নী লুইছ খুৰশ্বিদৰ বিৰুদ্ধে আৰ্থিক আত্মসাৎৰ অভিযোগ উত্থাপন কৰিছে ইডিয়ে। চৰকাৰী পুঁজিৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন মন্ত্ৰীপত্নীৰ বিৰুদ্ধে। তদন্তৰ অন্তত ইডিয়ে লুইছ খুৰশ্বিদৰ ৪৫ লাখ টকাৰ সম্পত্তি জব্দ কৰিছে।

ইডিৰ সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশৰ ডাঃ ফৰুকাবাদ  জাকিৰ হোছেইন মেম’ৰিয়েল ট্ৰাষ্টৰ দুৰ্নীতিৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ছলমান খুৰশ্বিদৰ পত্নী লুইছ খুৰশ্বিদৰ বিৰুদ্ধে। সেই ট্ৰাষ্টৰ প্ৰজেক্ট ডাইৰেক্টৰ আছিল তেওঁ। এই দুৰ্নীতিৰ লগত ট্ৰাষ্টৰ সদস্য প্ৰত্যুষ শুক্লা, ট্ৰাষ্টৰ সম্পাদক মহম্মদ আথাৰও জড়িত হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পৰা ৭১.৫ লাখ টকা অপব্যৱহাৰ কৰাৰ অভিযোগ ফাৰুকাবাদস্থিত ট্ৰাষ্টৰ বিৰুদ্ধে।

পিএমএলএৰ অধীনত গোচৰ ৰুজু হোৱাত ইডিয়ে এই তদন্ত আৰম্ভ কৰিছে। সোমবাৰে লুইছ খুৰশ্বিদৰ পৰা ২৯.৫১ লাখ টকাৰ ১৫টা স্থাৱৰ সম্পত্তি জব্দ কৰে ইডিয়ে। যাৰ ভিতৰত কৃষিভূমিও অন্তৰ্ভুক্ত। 

ইয়াৰ উপৰিও ইডিয়ে তেওঁৰ ৪টা বেংক একাউণ্টত জমা কৰা ১৬.৪১ লাখ টকাও জব্দ কৰিছে।

প্ৰসংগক্ৰমে ২০০৯-১০ চনত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ১৭খন জিলাত শিবিৰৰ আয়োজন কৰি বিশেষভাৱে সক্ষম লোকসকলক কৃত্ৰিম অংগ আৰু সঁজুলি বিতৰণ কৰে। জাকিৰ হুছেইন মেম’ৰিয়েল ট্ৰাষ্টক কেন্দ্ৰৰ পৰা ৭১.৫ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হয়।

অভিযোগ যে উক্ত ধনখিনি সঠিকভাৱে ব্যৱহাৰ কৰা হোৱা নাছিল, অপব্যৱহাৰ কৰা হৈছিল। তাৰ পিছত ২০১৭ চনত ড. জাকিৰ হুছেইন মেম’ৰিয়েল ট্ৰাষ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। পিছত ইডিয়ে এই গোচৰৰ তদন্তৰ দায়িত্ব লয়।