NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2021 8:46 pm
blue-covid

সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোতো ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তলতে আছে।
আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ১৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৩২৯ গৰাকী লোক। এই সময়ছোৱাত ৭১,৫৪৬টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৭৯ গৰাকী লোক ।


ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ১.৮৬ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৫.৮৩ শতাংশ

ৰাজ্যত অতি শীঘ্ৰে নতুন এছঅ’পি বলবৎ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।