NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়া বন সংমণ্ডলৰ অধীনৰ গেলাপুখুৰীত নাহৰফুটুকী পিঞ্জৰাব্ধ

Posted by: অভিক চক্ৰবৰ্তী March 30, 2018 5:28 pm
পিঞ্জৰাবদ্ধ

তিনিচুকীয়া জিলাৰ তিনিচুকীয়া বন সংমণ্ডলৰ অধীনৰ গেলাপুখুৰীত বৃহস্পতিবাৰে নিশা এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়।

উল্লেখযোগ্য যে আজি এমাহ মানৰ পৰাই অঞ্চলটোত নাহৰফুটুকী বাঘটো ঘূৰি ফুৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। নাহৰফুটুকী বাঘটোৱে অঞ্চলটোৰ স্থানীয় লোকৰ বহু ঘৰচীয়া জীৱ-জন্তু নিধন কৰিছিল।

তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন বিষয়া এম কে ধৰে কয় যে স্থানীয় লোকে অঞ্চলটোত নাহৰফুটুকী বাঘৰ বিচৰণ কৰা বুলি তেওঁলোকক অৱগত কৰে। লগতে স্থানীয় লোকে তেওঁলোকৰ জীৱ-জন্তৰ ক্ষতি সাধন কৰা বুলিও বন বিভাগক অৱগত কৰে। ফলত বন বিভাগে বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে নিশা গেলাপুখুৰীত পিঞ্জৰা পাতে আৰু নিশা প্ৰায় ৯ বজাত নাহৰফুটুকীতো পিঞ্জৰাবদ্ধ হয়।

খণ্ড বিষয়াজনে কয় যে নাহৰফুটুকীটো কাষৰীয়া চাহ বাগিচাৰ পৰা উক্ত অঞ্চলটোত প্ৰৱেশ কৰে। লগতে তেওঁ কয় যে বনাঞ্চলৰ অভাৱৰ ফলতে বন্যপ্ৰাণী সমূহ ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে যাৰ ফলত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে। এই সমস্যা সমাধানৰ বাবে সকলোৰে সহোযগিতা কামনা কৰিছে খণ্ড বিষয়াজনে।

খণ্ড বিষয়াজনে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো জয়পুৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰা হয় বুলি জানিবলৈ দিয়ে।

আনহাতে আন এটা নাহৰফুটুকী শুকুৰবাৰে গোলাঘাট জিলাৰ বোকাখাতত পিঞ্জৰাবদ্ধ হয়।