NORTHEAST NOW (Assamese)
অসম

সত্ৰভূষণ, ভকত শিৰোমণি, সত্ৰাধিকাৰ হৰেকৃষ্ণ দেৱ মহন্তৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2021 10:20 am
Satradhikar harekrishna Mahanta

ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ সত্ৰভূষণ হৰেকৃষ্ণ দেৱ মহন্তৰ দেওবাৰে নিশা ১-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

বাৰ্ধক্যজনিত কাৰণত অসুস্থ সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৭বছৰ।

বৰঙাজুলি সত্ৰখন ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ সমীপৰ ডিমাকুছিত অৱস্থিত।

সত্ৰাধিকাৰ দেৱ মহন্তই ১৯৫২ চনতে বৰঙাজুলি সত্ৰখন প্ৰতিষ্ঠা কৰিছিল আৰু  ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাভা, বড়ো, আদিবাসীলোকসকলৰ একত্ৰিত কৰাৰ প্ৰচেষ্টা চলাইছিল।

সত্ৰাধিকাৰগৰাকীয়ে তেওঁৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টাত ৰাজ্যখনত ২৭খন সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

তেওঁ সমগ্ৰ জীৱনজুৰি বৈষ্ণৱ পৰম্পৰা আৰু সংস্কৃতিৰ সাধনাত ব্ৰতী আছিল।

২০১৮চনত অসম চৰকাৰে তেওঁক কালীচৰণ ব্ৰহ্ম বঁটাৰে সন্মানিত কৰিছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰায়েই সত্ৰাধিকাৰ গৰাকীৰ আৰ্শীবাদ ল’বলৈ সত্ৰখনলৈ আহিছিল।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বৰঙাজুৰি সত্ৰ ভ্ৰমণ কৰিছিল।

বৰঙাজুলিৰ সত্ৰাধিকাৰৰ বৈকুণ্ঠ মহাপ্ৰয়াণৰ লগে লগে যেন এটা যুগৰ অৱসান ঘটিল ৷ অসমৰ ভক্তি আন্দোলনৰ খহি পৰিল এটি উজ্বল তৰা ৷

সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক, বিশিষ্ট শিক্ষা সংগঠক, ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ দেৱ মহন্তৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

সত্ৰাধিকাৰগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।