NORTHEAST NOW (Assamese)
অসম

বিশেষজ্ঞৰ দাবী: শীঘ্ৰেই শেষ হ’বলৈ গৈ আছে কৰ’নাৰ ত্ৰাস!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 12:38 pm
Story-2-8-1140x570

কৰ’না ভাইৰাছৰ আতংকই বৰ্তমান সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি ৰখাই নহয়, লগতে বহুকেইখন দেশক অস্থিৰ কৰিও তুলিছে।

কিন্তু ইয়াৰ মাজতে বিশেষজ্ঞসকলে দাবী কৰিছে যে বিভিন্ন দেশ তথা অঞ্চলত কৰ’না ভাইৰাছৰ দমনীয়তা ক্ৰমে হ্ৰাস পাই আহিছে।

সম্প্ৰতি কৰ’না আক্ৰান্ত লোকৰ ৪০শতাংশৰে কোনো লক্ষণ দেখা দিয়া নাই আৰু ইয়াতেই বিশেষজ্ঞসকলে আশাৰ বতৰা বিচাৰি পাইছে।

ইপিনে, কৰ’নাৰ ভেকচিন বজাৰলৈ অহাৰ বাবে প্ৰায় সাজু হোৱাৰ পথত। কিন্তু সেয়া কিমান কাৰ্যকৰী হয় সেইটো এতিয়াই ক’ব নোৱাৰি।

আনহাতে, বিশেষজ্ঞসকলে ইয়াৰ মাজতে তথ্যৰ বিশ্লেষণেৰে এক আশাৰ পোহৰ দেখুৱাইছে।

তথ্য অনুসৰি, আমেৰিকাৰ ব’ষ্টনৰ শিৱিৰত থকা কৰ’না আক্ৰান্ত ১৪৭গৰাকী ৰোগীৰ ভিতৰত ৮৮গৰাকীৰে দেহত পোৱা নাই কোনো লক্ষণ।

সেইদৰে, নৰ্থ কেৰ’লিনাত, অহিঅ’ তথা ভাৰ্জিনিয়াত মুঠ ৩হাজাৰ ২৭৭গৰাকী আক্ৰান্তৰ ভিতৰৰ ৯৬শতাংশই হৈছে লক্ষণহীন।

গৱেষকসকলৰ প্ৰতিবেদন অনুসৰি, মুঠ ৪০শতাংশ কৰ’না আক্ৰান্তৰ দেহত নাই কোনো লক্ষণ। এনে লক্ষণহীন কৰ’নাই লাহহে লহে সংক্ৰমিত হ’ব আৰু এটা সময়ত কৰ’নাৰ বিশেষ কোনো লক্ষণ নাথাকিব।

তেতিয়াই কৰ’নাৰ শক্তি হ্ৰাস পাবলৈ ল’ব বুলি আশা ব্যক্ত কৰিছে গৱেষকসকলে।

তেওঁলোকৰ মতে এনেদৰে লক্ষণহীন ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো শুভ লক্ষণ। কিয়নো এইদৰেই কৰ’নাই ইয়াৰ শক্তি হেৰুৱাব।