NORTHEAST NOW (Assamese)
অসম

ডিমা হাচাওত নিচাযুক্ত টেবলটৰ সৈতে ৫ জন যুৱকক আটক 

Posted by: পংকজকুমাৰ দেব Updated by: পংকজকুমাৰ দেব December 3, 2019 5:48 pm
ডিমা হাচাওত নিচাযুক্ত টেবলটৰ সৈতে ৫ জন যুৱকক আটক 

ডিমা হাচাও জিলাৰ মাহুৰ ৰেলৱে ষ্টেশ্যনৰ সমীপত সোমবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি মাহুৰ আৰক্ষীয়ে নিচাযুক্ত ব্লু টেবলেটৰ সৈতে পাঁচ গৰাকী ব্যক্তিক আটক কৰে।

জানিব পৰা মতে আটকাধীন ব্যক্তি কেইজনৰ পৰা আৰক্ষীয়ে মুঠ ১৪০ টো ব্লু টেবলেটৰ ফাইল জব্দ কৰিবলৈ সক্ষম হয়।

আটক কৰা লোক কেইগৰাকীক হাফলঙৰ কাউন্সিল কলনীৰ দিলৱাৰ খান, খংছাই গাঁৱৰ ডি চেবৈ কুকি, লংচুং চাংছান, লিয়েনখ’কাই চাংছান আৰু মাহুৰৰ ছংবুং গাঁৱৰ তংক’হাও চংলৈ বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমান আটাই কেইগৰাকীকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোচা চলাই আছে বুলি জানিবলৈ দিয়ে।

আনহতে এই চক্ৰটোৰ সৈতে হাফলঙৰ এগৰাকী মহিলাৰ নামও সাঙুৰ খাই পৰিছে।

উল্লেখযোগ্য যে ডিমা হাচাও জিলাত দীৰ্ঘদিনৰ পৰা নিচাযুক্ত টেবলেটৰ ব্যবসায় চলি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছিল।