NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ এ টি ৰোডত বিধ্বংসী অগ্নিকাণ্ডত ২ জন নিহত

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য August 10, 2020 12:38 pm
fire

যোৰহাটৰ এ টি ৰোডত যোৱা নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত দুগৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে আন কেইবা গৰাকী লোক গুৰুতৰ ভাবে অগ্নিদগ্ধ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।

এ টি ৰোডৰ ঠাকুৰবাৰী অঞ্চলৰ সিংঘি স্কুটাৰ স্পেয়াৰ পাৰ্টছৰ দোকান খনত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি কাষৰে কেবাখনো দোকানলৈ জুই বিয়পি পৰে।

যোৰহাটৰ উপায়ুক্ত ৰোশনি এ কৰাটিয়ে প্ৰকাশ কৰা মতে অগ্নিকাণ্ডৰ ফলত গুৰুতৰ ভাবে অগ্নিদগ্ধ পাঁচ জন লোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁলোকৰ মাজৰে দুগৰাকীৰ আজি মৃত্যু ঘটে।

মৃত্যু ঘটা লোক দুগৰাকী হৈছে ক্ৰমে গোমতি দেৱী(৭২)আৰু সত্যনাৰায়ণ আগৰৱালা(৭৫)।

আন আহত লোক কেইগৰাকী হৈছে ক্ৰমে মহেন্দ্ৰ আগৰৱালা(৫৮),কৃষ্ণ গোপাল আগৰৱালা(৫৫),ঊষা সিংঘি(৫০)।

হতাহত সকলৰ ভিতৰত কেউগৰাকীয়েই সিংঘি পৰিয়ালৰ সদস্য।

যোৱা নিশা ১১.৩০ বজাত সূত্ৰপাত ঘটা অগ্নিকাণ্ড আজি পুৱতি নিশা ৪ বজাতহে নিৰ্বাপিত কৰিব পৰা যায়।

যোৰহাটৰ উপায়ুক্তই প্ৰকাশ কৰা মতে যোৰহাটৰ উপৰি শিৱসাগৰ আৰু গোলাঘাটৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীৰ ১৩ খন গাড়ীয়ে অশেষ চেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হউল্লেখ্য বিগত কিছুদিনৰ ভিতৰতে যোৰহাটৰ পুৰণি বালিবাটৰ জিলানী হাউচৰ লগতে পুৰণি মছজিদ আৰু মাৰোৱাৰী ঠাকুৰবাৰীতো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।