NORTHEAST NOW (Assamese)
অসম

জন্মাষ্টমী উপলক্ষ্যে কাইলৈ চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব সকলো চৰকাৰী কাৰ্য্যালয় আৰু শিক্ষানুষ্ঠান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2019 6:53 pm
janmastami holiday

শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে অসম চৰকাৰে ৰাজ্যত ২৩ আগষ্ট শুকুৰবাৰে চৰকাৰী বন্ধ ঘোষণা কৰে।

চৰকাৰী বন্ধৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ৰাজ্যৰ সকলো চৰকাৰী কাৰ্য্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব।

উল্লেখযোগ্য যে, পূৰ্বে ২৪ আগষ্ট, শনিবাৰে চৰকাৰে ৰাজ্যত চৰকাৰী বন্ধ ঘোষণা কৰিছিল।

গুৱাহাটী মহানগৰ জিলা ব্ৰাহ্মণ সমাজে চৰকাৰক ২৪ আগষ্টৰ পৰিবৰ্তে ২৩ আগষ্টত বন্ধ ঘোষণা কৰিবলৈ আহ্বান জনাইছিল।

তেওঁলোকে পঞ্জিকামতে ২৪ আগষ্ট নৱমী তিথি আৰু ২৩ আগষ্ট অষ্টমী তিথি বুলি উল্লেখ কৰি কয় যে অষ্টমী তিথিতহে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়।

চৰকাৰে ২৩ আগষ্ট শুকুৰবাৰে চৰকাৰী বন্ধ ঘোষণা কৰাৰ পাছত এতিয়া ২৪ আগষ্টত চতুৰ্থ শনিবাৰ আৰু ২৫ আগষ্ট বৰিবাৰ অৰ্থাৎ তিনিদিনৰ বাবে চৰকাৰী কাৰ্য্যালয়সমূহ বন্ধ থাকিব।

উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ আদিত শুকুৰবাৰে আয়তি-ভকত তথা ভক্তপ্ৰাণ ৰাইজসকলে নাম-কীৰ্তন কৰি উলহ মালহেৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰিব।