NORTHEAST NOW (Assamese)
অসম

ডেল্টা ভেৰিয়েন্টৰ সন্ত্ৰাস! কৰ’নাত বিধ্বস্ত ইন্দোনেছিয়া; ১৭ দিনত ১১৪গৰাকী চিকিৎসকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2021 1:14 pm
thumbs_b_c_0931565910a0e2c6dadaf2090e9eb05f

কৰ’না ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ গ্ৰাসত পৰিছে ইন্দোনেছিয়া। দেশখনত ১৭দিনত কৰ’নাত আক্ৰান্ত হৈ ১১৪গৰাকী চিকিৎসকৰ মৃত্যু ঘটিছে।

ইন্দোনেছিয়াৰ চিকিৎসক সংস্থাই দেওবাৰে এই তথ্য সদৰী কৰিছে।

তথ্য অনুসৰি, যোৱা ১ জুলাইৰ পৰা ১৭ জুলাইলৈকে কৰ’না আক্ৰান্ত হৈ ১১৪গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে।

কৰ’না অতিমাৰীৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে দেশখনত ৫৪৫গৰাকী চিকিৎসকৰ মৃত্যু হৈছে। কিন্তু সেই হিচাপে যোৱা মাত্ৰ ১৭ দিনতে ২০শতাংশ চিকিৎসকৰ মৃত্যু ঘটিছে।

সংস্থাটোৰ বিষয়ববীয়াসকলে উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে চিকিৎসা ব্যৱস্থাই কৰ’নাৰ এই ঢৌ মোকাবিলা কৰিব নোৱাৰিব।

বাতৰি অনুসৰি, ডেল্টা ভেৰিয়েন্টৰ বাবে ইন্দোনেছিয়াত কৰ’না আক্ৰান্তৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাইছে।

তথ্য অনুসৰি সোমবাৰলৈকে দেশখনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২৮লাখ ৭৭হাজাৰ ৪৭৬জন। আনহাতে এতিয়ালৈকে মৃত্যু ঘটিছে ৭৩হাজাৰ ৫৮২জন লোকৰ।