NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ চাইডিঙত ভুৱা আধাৰ কেন্দ্ৰত আৰক্ষীৰ অভিযান; উৎখাত কেন্দ্ৰ, আটক ৩জনক

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ July 20, 2021 4:01 pm
illegal Adhar center.png Margherita

মাৰ্ঘেৰিটাৰ চাইডিঙত চলাই অহা এটি অবৈধ আধাৰ কেন্দ্ৰ আজি আৰক্ষীয়ে উৎখাত কৰে।

কেন্দ্ৰটোত ব্যৱহ্নত কম্পিউটাৰ লেপটপ প্ৰিন্টাৰ আদিৰ লগতে বিভিন্ন নথি পত্ৰ দণ্ডাধীশৰ উপস্থিতিত জব্দ কৰাৰ লগতে এই সংক্ৰান্তত তিনিজনক আটক কৰে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত চাইডিঙত অৱস্থিত কম্পিউটাৰ শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান এটাত অবৈধভাৱে চলাই অহা এই আধাৰ কেন্দ্ৰটো আজি আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত উৎখাত কৰে।

এই কেন্দ্ৰটোত বিগত বৰ্ষৰ পৰা ৩০০/ ৫০০ বা ততোধিক ধন আদায় লৈ আধাৰ কাৰ্ড প্ৰস্তুত কৰি অহা হৈছিল।

কেন্দ্ৰটোত ব্যৱহৃত কম্পিউটাৰ, লেপটপ, প্ৰিন্টাৰ আদিৰ লগতে বিভিন্ন নথি পত্ৰ দণ্ডাধীশৰ উপস্থিতিত জব্দ কৰাৰ লগতে এই সংক্ৰান্তত তিনিজনক আটক কৰে।

আজি পুৱাৰে পৰা তিনিশতাধিক লোকে কেন্দ্ৰটোত আধাৰ কাৰ্ডৰ বাবে শাৰী পাতিছিল। এনেধৰণৰ ভুৱা কেন্দ্ৰ মাৰ্ঘেৰিটা মহকুমাটোত কেইবাটাও আছে বুলি জানিব পৰা গৈছে।