NORTHEAST NOW (Assamese)
অসম

হাজোত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা July 21, 2021 6:48 pm
mojk

হাজোত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই গৈছে হাজো আৰক্ষীয়ে।

হাজোৰ বাগটা চকত ৰাইজে কৰায়ত্ব কৰিলে দুজন ড্ৰাগছ পেডলাৰক।

KTM বাইকেৰে ভৃগু দাস আৰু অভিজিত কলিতা নামৰ দুই ড্ৰাগছ পেডলাৰে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোঁতে ৰাইজে ধৰি ঘটালে আৰক্ষীক।

দুই ড্ৰাগছ পেডলাৰৰ ঘৰ- হাজোৰ বৰুৱাবাৰী।

দুই ড্ৰাগছ পেডলাৰৰ পৰা জব্দ হৈছে- ১৫ গ্ৰাম হেৰ’ইন। লগতে উদ্ধাৰ হৈছে ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। আৰক্ষীয়ে যুৱক দুজনৰ পৰা জব্দ কৰিছে ১০ হাজাৰ নগদ ধন।

জব্দ কৰা KTM বাইক খনৰ নম্বৰ- AS-01-EB- 2787।

হাজো আৰক্ষী থানাত দুই ড্ৰাগছ পেডলাৰক এতিয়া মাৰাথন জেৰা চলাই গৈছে হাজো আৰক্ষীয়ে।

ইপিনে আন এজন ড্ৰাগছ সৰবৰাহকাৰী নুৰ ইছলাম ওৰফে বেঙাক লৈ হাজোৰ দামপুৰত আৰক্ষীয়ে আজি অভিযান চলায়।

হাজোৰ দামপুৰস্থিত নুৰ ইছলাম ওৰফে বেঙাক লৈ বাসগৃহত অভিযান আৰক্ষীৰ।

বাৰীত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছে নিচাযুক্ত টেবলেট।

দীৰ্ঘ দিন ধৰি বেঙা ই চলাই আছিল নিচাযুক্ত দ্ৰব্যৰ বেহা।

কিছুদিন পূৰ্বে আন এজন বেঙা নামৰ ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ হৈছিল হাজো আৰক্ষীৰ হাতত।