NORTHEAST NOW (Assamese)
অসম

UGC গাইডলাইন ২০২০: মঙলবাৰে চূড়ান্ত পৰীক্ষা সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 1:21 pm
Story-4-1140x570

কোভিড-১৯ মহামাৰীৰ মাজতে চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰা সম্পৰ্কত সকলোবোৰ আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰি শীঘ্ৰেই ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে।

লৰ্বোচ্চ ন্যায়ালয়খনে UGCৰ গাইডলাইন আৰু চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত মঙলবাৰে ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে।

যোৱা ১৮ আগষ্টত আদালতখনে কোভিড-১৯ মহামাৰীৰ মাজত পৰীক্ষাসমূহ বাতিল কৰাৰ দাবীৰে একাংশ শিক্ষাৰ্থীয়ে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিছে।

অসম, বিহাৰ,উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন স্থানৰ ৩১গৰাকী শিক্ষাৰ্থীৰ এটা দলে পৰীক্ষা বাতিলৰ বাবে আদালতখনত এখন আবেদন দাখিল কৰিছিল।

শিক্ষাৰ্থীসকলে বৰ্তমান উচ্চতম ন্যায়ালয় নিৰ্দেশৰ অপেক্ষাত আছে আৰু তেওঁলোকৰ সপক্ষে ৰায়দান হ’ব বুলি আশাবাদী হৈ আছে।

UGC ৰ গাইডলাইন ঘোষণা কৰাৰে পৰা শিক্ষাৰ্থীসকলে কলেজ আৰু বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ কৰি আহিছে।

শিক্ষাৰ্থীসকলে কোভিড-১৯ মহামাৰীৰ মাজত পৰীক্ষাসমূহ বাতিল কৰাৰ বাবে একগোট হৈ দাবী জনাই আহিছে।

শিক্ষাৰ্থীসকলৰ যুক্তি হ’ল যে ভাৰতত প্ৰতিদিনে কোভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকালৈ চাই বৰ্তমান পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাটো সুৰক্ষিত নহয়।

শিক্ষাৰ্থীসকলে দাবী কৰে যে চূড়ান্ত পৰীক্ষাসমূহ বাতিল কৰা উচিত আৰু শিক্ষাৰ্থীসকলক আভ্যন্তৰীণ মৃল্যায়নৰ ভিত্তিত উত্তীৰ্ণ কৰাই দিয়া উচিত।

ইয়াৰ মাজতে দিল্লী আৰু মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিছে যে মহামাৰীৰ মাজত চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাটো সম্ভৱ নহয় আৰু সকলোকে উত্তীৰ্ণ কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিন্তু, UGC য়ে হস্তক্ষেপ কৰি দাবীকৰে যে গাইডলাইনসমূহ ভাৰতৰ সকলো বিশ্ববিদ্যালয়ৰ বাবে প্ৰযোজ্য আৰু কোনো ৰাজ্যৰ বাবে বিশেষ সুবিধা থাকিব নোৱাৰে।

UGC ৰ গাইডলাইনত প্ৰকাশ কৰা হৈছে যে চূড়ান্ত পৰীক্ষাসমূহ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবে বাধ্যতামূলক।

UGC য়ে লগতে উল্লেখ কৰিছিল যে পৰীক্ষাসমূহ অনলাইন, অফলাইন বা দুয়োটাৰ সংমিশ্ৰনত অনুষ্ঠিত কৰা হ’ব পাৰে।