NORTHEAST NOW (Assamese)
অসম

এ’ পি এচ চি কাণ্ড: আৰক্ষীৰ জালত কৃষি উন্নয়ন বিষয়া মৃগেন হালৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2019 9:40 pm
27-07-18-Guwahati-APSC-Dispur-Police-station-1-768x544 APSC scam: Agriculture Development Officer Mrigen Haloi arrested

এ’ পি এচ চিৰ ধনৰ বিনিময়ত চাকৰি সম্পৰ্কীয় গোচৰত বৃহস্পতিবাৰে কৃষি উন্নয়ন বিষয়া মৃগেন হালৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

তিনি ঘণ্টাধৰি সোধ-পোচৰ পিছত মহানগৰ আৰক্ষীয়ে কৃষি বিষয়াজনক গোচৰ (নং ১৫৯/ ২০১৭)টো সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।

গোচৰটো সন্দৰ্ভত হালৈৰ পূৰ্বে সাতগৰাকী বিষয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল—কল্যাণ শৰ্মা, জয়ন্ত চাবুকধৰা, সংঘমিত্ৰা শ্যাম, মফিদা বেগম শইকীয়া, প্ৰিয়ংকা বৰা, চাহিদুল আজিজ হক আৰু দীপংকৰ বাৰিক।

বেদান্ত বিকাশ দাস নামৰ এ’ পি এচ চিৰ চাকৰি প্ৰাৰ্থী এজনে আয়োগৰ অধ্যক্ষ ৰাকেশ পাল আৰু কৰ্মচাৰী চৈয়দ মুছাৰফ হুছেইনৰ বিৰুদ্ধে ২০১৭ চনৰ ১৬ আগষ্টত দাখিল কৰা অভিযোগৰ ভিত্তিত ভঙাগড় থানাত গোচৰটো ৰুজু কৰা হৈছিল।

দাসৰ এক আৰ টি আই আবেদনৰ উত্তৰত স্ংৰক্ষিত শাখাত মৃগেন হালৈয়ে সাক্ষাৎকাৰত ৭৮ নম্বৰ পোৱা বুলি উত্তৰ দিয়াৰ বিপৰীতে আন এজন আৰ টি আই আবেদনকাৰীক ৮০ নম্বৰ পোৱা বুলি এ’ পি এচ চিয়ে জনাইছিল।

একেজন প্ৰাৰ্থীয়ে একেটা সাক্ষাৎকাৰত দুটা নম্বৰ কেনেকৈ পালে বুলি দাসে প্ৰশ্ন উত্থাপন কৰাৰ লগতে উল্লেখ কৰিছিল যে হালৈয়ে ১০ৰ পৰা ১৫ লাখ টকা অধ্যক্ষ পালক দিয়া বুলি তেওঁ শুনিছে।

একেটা গোচৰতে এ’ পি এচ চি সদস্য বসন্ত দলেক যোৱা বছৰৰ মে’ত গ্ৰেপ্তাৰ কৰিছিল। তেওঁ যোৱা বছৰ আগষ্টত জামিন লাভ কৰিছিল।