NORTHEAST NOW (Assamese)
অসম

শিল্পা ছেট্টি-ৰাজ কুন্দ্ৰাৰ ঘৰৰ পৰা ওলাল ৭০টা পৰ্ণ ভিডিঅ’; শিল্পাই সঁচাকৈয়ে একো নাজানে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2021 3:56 pm
Shilpa-Kundra

বৃহস্পতিবাৰে মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰা আৰু শিল্পা ছেট্টিৰ ঘৰত তালাচী চলাই ৭০টা পৰ্ণ ভিডিঅ’ জব্দ কৰে। এইসমূহ বিভিন্ন প্ৰডাকশ্যন হাউছৰ সাহায্যত নিৰ্মাণ কৰিছিল ৰাজ কুন্দ্ৰাৰ প্ৰাক্তন ব্যক্তিগত সহায়ক উমেশ কামাথে।

ৰাজ কুন্দ্ৰা আৰু উমেশ কামাথৰ হোৱাটছএপ চ্যাটৰ পৰা স্পষ্টি হৈছে যে গুগল প্লে ষ্ট’ৰৰ পৰা হটশ্বটছ এপ অঁতৰাই দিয়াৰ পাছত এই ভিডিঅ’সমূহ ৰখাৰ বাবে আৰু সুৰক্ষিত স্থানৰ সন্ধানত আছিল।

তদুপৰি, তেওঁলোকে ছফট পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰিছিল।

আৰক্ষীয়ে ৰাজকুন্দ্ৰা আৰু শিল্পাৰ ঘৰৰ পৰা এটা চাৰ্ভাৰো উদ্ধাৰ কৰিছে আৰু ফৰেন্সিক লেবলৈ প্ৰেৰণ কৰিছে।

এই চাৰ্বাৰৰ পৰাই পৰ্ণ ভিডিঅ’ ৰাজ কুন্দ্ৰাৰ ব্ৰিটেইন কোম্পানী কেৰনিনলৈ পঠিওৱা হৈছিল নেকি সেয়া পৰীক্ষা কৰি চোৱা হ’ব।

যোৱা বছৰৰ শেহৰ পিনে গুগল প্লে ষ্ট’ৰ আরু এপল’ৰ এপ ষ্ট’ৰৰ পৰা হটশ্বটছ এপ অঁতৰাই দিয়া হৈছে। ইয়াক প্ৰদীপ বক্সীয়ে ইমেইলত এক বেয়া খৱৰ বুলি জনাইছিল। তাৰ উত্তৰত ৰাজ কুন্দ্ৰাই কোনো চিন্তা নাই বুলি লিখাৰ লগতে প্লেন বি-ৰ কাম আৰম্ভ হৈ গৈছে বুলি লিখিছিল।

ৰাজ কুন্দ্ৰাই উমেশ কামাথৰ সৈতে হোৱাটছএপ চ্যাটত লিখিছিল,’’ BF আৰম্ভ হোৱাৰ পূৰ্বে চেষ্টা কৰি চোৱা যাওক যিকোনো প্ৰকাৰে হটশ্বটক চলাই ৰখাৰ। সদ্যহতে অত্যধিক ব’ল্ড ভিডিঅ’সমূহ অঁতৰাই নিয়া যাওক।‘’

মুম্বাই আৰক্ষীয়ে দাবী কৰি আহিছে যে এই চক্ৰৰ মূল ব্যক্তি ৰাজ কুন্দ্ৰাই। অপৰাধ শাখাৰ হাতত তেওঁৰ বিৰুদ্ধে যথেষ্ট প্ৰমান আছে।

এতিয়া প্ৰশ্ন হৈছে যে এই সঁচাকৈয়ে এই বিষয়ে শিল্পা ছেট্টিয়ে একো নাজানেনে? ঘৰতে থকা পৰ্ণ ভিডিঅ’সমূহ কেনেকৈ তেওঁৰ অজ্ঞাতে থাকিব পাৰে?