NORTHEAST NOW (Assamese)
অসম

চক ডে ইণ্ডিয়া! টকিঅ’ত ৫৭বছৰ পুৰণি ইতিহাসৰ পুনৰাবৃত্তি ঘটালে ভাৰতীয় হকী দলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2021 3:21 pm
Hocky India

টকিঅ’ত ৫৭ বছৰ পুৰণি ইতিহাসৰ পুনৰাবৃত্তি ঘটিল। ১৯৬৪চনত টকিঅ’ অলিম্পিকত প্ৰথমবাৰ ভাৰতীয় দলে যি কৃতিত্ব দাঙি ধৰিছিল সেয়া ২০২১ত পুনৰাবৃত্তি ঘটালে দলটোৱে।

অৱশ্যে সেইবাৰ এইটো একেবাৰে স্বাভাৱিক বিষয় হিচাপে বিবেচিত হোৱাৰ বিপৰীতে এইবাৰ সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে।

১৯৬৪ৰ টকিঅ’ অলিম্পিকৰ ফিল্ড হকীত প্ৰথমবাৰ ডিফেণ্ডিং চেম্পিয়নক পৰাজিত কৰিছিল ভাৰতে।

১৯৬০চনৰ ৰোম অলিম্পিকত পাকিস্তানে লাভ কৰিছিল সোণৰ পদক। ১৯৬৪চনত টকিঅ’ত ফাইনেলত পূৰ্বৰ চেম্পিয়ন পাকিস্তানক ১-০গলত পৰাজিত কৰি খিতাপ পুনৰুদ্ধাৰ কৰিছিল ভাৰতে।

উল্লেখ্য যে পাকিস্তানে ৰোমত সোণৰ পদক জয় কৰাৰ পূৰ্বৰ ৬খন অলিম্পিকত চেম্পিয়ন আছিল ভাৰত।

এইবাৰ চলিত টকিঅ’ অলিম্পিকৰ গ্ৰুপ মেচত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন আৰ্জেন্টিনাক ৩-১গলত পৰাজিত কৰিছে। সেইদৰে, ইয়াকে লৈ দ্বিতীয়বাৰ অলিম্পিকত ডিফেণ্ডিং চেম্পিয়নক পৰাস্ত কৰাৰ কৃতিত্ব ৰচিলে ভাৰতীয় হকী দলে।

অলিম্পিকত ১৯৮০ৰ পাছত ভাৰতীয় হকী দলে সফলতা লাভ কৰা নাই। সেয়ে, এইবাৰ ২০১৬ৰ ৰিঅ’ অলিম্পিকৰ সোণৰ পদক বিজয়ী আৰ্জেন্টিনাক পৰাজিত কৰি বিশেষ গুৰুত্ব লাভ কৰিছে ভাৰতীয় হকী দলে।

ভাৰতে ইতিমধ্যে টকিঅ’ অলিম্পিকৰ ৪খন গ্ৰুপ মেচৰ তিনিখনতে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।