NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত জৈৱিকভাৱে উৎপাদিত জহা চাউল, ক’লা চাউল,বোকা চাউল, হালধি বিদেশলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 29, 2021 3:35 pm
food-ministry

বঙাইগাঁও জিলাত জৈৱিকভাৱে উৎপাদিত জহা চাউল, ক’লা চাউল,বোকা চাউল, নেমু, হালধি, আদা, আলু, সৰিয়হৰ তেল আদি বিদেশলৈ ৰপ্তানি কৰাৰ কথা চিন্তা কৰা হৈছে।

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কৃষি বিভাগৰ এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়।

জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস, বঙাইগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান আৰু মুৰব্বী বিজ্ঞানী চিন্ময় শৰ্মা, চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান আৰু মুৰব্বী বিজ্ঞানী, জিলা কৃষি বিষয়া,নাবাৰ্ডৰ ডিডি এম, ষ্টেট বেংকৰ লীড বেংক মেনেজাৰ, জিলা মীন উন্নয়ন বিষয়া, জিলা পশুপালন বিষয়া, নেৰামৰ(NERAM) বিষয়ববীয়া, বঙাইগাঁও আৰু চিৰাং জিলাৰ কেবাগৰাকীও প্ৰগতিশীল কৃষক উপস্থিতি থাকে।

সভাত বঙাইগাঁও জিলাত জৈৱিকভাৱে উৎপাদিত জহা চাউল, ক’লা চাউল,বোকা চাউল, নেমু, হালধি, আদা, আলু, সৰিয়হৰ তেল আদি বিদেশলৈ ৰপ্তানি কৰাৰ বাবে আলোচনা কৰা হয়।

এই কৃষিজাত সামগ্ৰীসমূহক এটা ব্ৰেণ্ড নামেৰে নামাংকিত কৰি যদি বাহিৰলৈ ৰপ্তানি কৰিব পৰা যায়, তেতিয়াহ’লে বঙাইগাঁও জিলাৰ নাম বিশ্বৰ ভিতৰতে জিলিকিব। কৃষকসকলো লাভৱান হ’ব।

আনহাতে সভাত উপস্থিত প্ৰগতিশীল কৃষকসকলে উপায়ুক্তক জনায় যে জিলাখনত এটা শীতলীকৰণ ভঁৰাল নোহোৱা বাবে উৎপাদিত আলু সংৰক্ষণ কৰিব নোৱাৰি। জিলা উপায়ুক্তগৰাকীয়ে কৃষকসকলক নিশ্চিতি দিয়ে যে অচিৰেই জিলাখনত সৰু সৰুকৈ দুটামান ঠাইত শীতলীকৰণ ভঁৰাল স্থাপন কৰা হ’ব।

আনহাতে বঙাইগাঁও জিলাত ১০ টাকৈ(দহটাকৈ) কঠিয়া ৰুৱা যন্ত্ৰ আৰু ধান কটা যন্ত্ৰ আনিব লাগে বুলিও প্ৰগতিশীল কৃষকসকলে উপায়ুক্তক অনুৰোধ জনায়। সেইমৰ্মে কৃষকসকলক প্ৰস্তাৱ দিবলৈ কয় আৰু উপায়ুক্তগৰাকীয়ে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।