NORTHEAST NOW (Assamese)
অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ ৯৭.৭৭ শতাংশ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ July 30, 2021 1:13 pm
District education Officer

বহু বিতৰ্ক, জল্পনা-কল্পনাৰ অন্তত আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি শিৱসাগৰ জিলাত উৰ্ত্তীণ হাৰ ৯৭.৭৭ শতাংশ।

জিলাখনত এইবাৰ মেট্ৰিকৰ বাবে মুঠ পৰীক্ষাৰ্থী আছিল ৮৮৩৮ গৰাকী। ইয়াৰ ভিতৰত উৰ্ত্তীণ হয় মুঠ ৮৬৪১ গৰাকী ছাত্ৰ-ছাত্ৰী।

ইয়াৰে ভিতৰত ৩১৮৮ গৰাকীয়ে প্ৰথম বিভাগত, ৩১১৪ গৰাকী দ্বিতীয় বিভাগত আৰু ২৩৩৯ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

উল্লেখযোগ্য যে বিগত বৰ্ষত শিৱসাগৰ জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক আছিল যদিও এইবাৰ চতুৰ্থ স্থানলৈ অৱনমিত হয়।

ইপিনে, এইবাৰ অসম হাই মাদ্ৰাছাৰ পৰীক্ষাত শিৱসাগৰ জিলাৰ পৰা অৱতীৰ্ণ হৈছিল মুঠ ৪৬ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰ ভিতৰত উৰ্ত্তীণ হাৰ ৯৭.৮৩ শতাংশ ।