NORTHEAST NOW (Assamese)
অসম

শৰীৰ চৰ্চা কৰি থকা অৱস্থাতে যোৰাহাটত যুৱতীৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ ব্যুৰো, যোৰহাট : November 30, 2017 1:56 pm

যোৰহাটত শৰীৰ চৰ্চা কৰি থকা অৱস্থাতে এগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।কালি যোৰহাটৰ তৰাজান অঞ্চলৰ এগৰাকী যুৱতী সঞ্চিতা বৰাই অইন দিনাৰ দৰে চহৰখনৰ গড় আলিৰ ক্ৰিষ্টেল প্লাজাত থকা পাৱাৰ ফেক্টৰী নামৰ জিম কেন্দ্ৰটোত শৰীৰ চৰ্চা কৰিবলৈ গৈছিল।শৰীৰ চৰ্চা কৰি থকা সময়তে যুৱতীগৰাকী হঠাৎ অসুস্থ হৈ পৰে আৰু জিমৰ কৰ্মচাৰীসকলে সঞ্চিতাক প্ৰাথমিক শুশ্ৰুষা কৰি থকা সময়তে সঞ্চিতা সংজ্ঞাহীন হৈ পৰে।

জিমৰ কৰ্মচাৰীসকলে সঞ্চিতাৰ মাতৃক খবৰ দিয়ে আৰু সঞ্চিতাৰ মাতৃ আহি আনসকলৰ সহযোগত সঞ্চিতাক সঞ্জীৱনী নামৰ নাৰ্ছিংহ’মখনত ভৰ্তি কৰোৱায়। কিন্তু চিকিৎসকে আহি সঞ্চিতাক পৰীক্ষা কৰি তেওঁৰ ইতিমধ্যে মৃত্য হোৱা ঘোষণা কৰে। হৃদৰোগত আক্ৰান্ত হৈ সঞ্চিতাৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিব দিয়ে। আনহাতে, পৰিয়ালৰ লোকে সঞ্চিতাৰ পূৰ্বতে এনেকুৱা কোনো ৰোগৰ লক্ষণ নাছিল বুলি দোহাৰিছে। সঞ্চিতা বৰা যোৰাহাটৰ তৰাজানৰ প্ৰয়াত ড০ দুলাল বৰাৰ কন্যা।