NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে আগবঢ়ালে বৰঙণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2019 7:57 am

কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে অন্যান্য ন্যায়াধীশসকলে অসমৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়াইছে।

কালি অৰ্থাৎ বুধবাৰে উচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ হৃষীকেশ ৰয়কে ধৰি ৩৩ গৰাকী ন্যায়াধিশে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩ লাখ ৩০ টকাৰ বৰঙণি আগবঢ়ায়।

মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীৰ হাতত উক্ত আৰ্থিক বৰঙণিৰ চেক প্ৰদান কৰা হয়।

ন্যায়াধীশ সকলৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপ-পঞ্জীয়ক পি পি উপধ্যায়ৰ লগতে আৰু এগৰাকী প্ৰতিনিধিয়ে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়োৱা উক্ত ধনৰাশিৰ চেকসমূহ উপদেষ্টা দুজনৰ হাতত প্ৰদান কৰে।