NORTHEAST NOW (Assamese)
অসম

পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ ক’ৰ’না পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2020 6:25 pm

পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ শ্বেহবাজ শ্বৰীফ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

শ্বেহবাজ শ্বৰীফ নাৱাজ শ্বৰীফৰ ভাতৃ হোৱাৰ উপৰি পাকিস্তান মুছলিম লীগ-নাৱাজ(পি এম এল-এন)ৰ অধ্যক্ষ।

ধন আত্মসাতৰ এক অভিযোগ শ্বেহৱাজ শ্বৰীফ ৯ জুনত নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰোৰ(এন এ বি) ওচৰত হাজিৰ হোৱাৰ সময়তে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি দাবী কৰিছে এগৰাকী পি এম এল-এলৰ এগৰাকী নেতাই।

শ্বেহৱাজ শ্বৰীফৰ কিবা হ’লে এইক্ষেত্ৰত প্ৰধান মন্ত্ৰী ইমৰাণ খান আৰু এন এ বি জগৰীয়া হ’ব বুলিও পি এম এলৰ সদস্য গৰাকীয়ে কয়।

পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চাহিদ খান আব্বাছিয়ো ক’ৰ’না আক্ৰান্ত হৈ নিজ গৃহত কোৱাৰেণ্টাইনত আছে।

পাকিস্তান মুছলিম লীগৰ মুখপাত্ৰ মাৰয়াম ঔৰংগজেৱে আব্বাছি ক’ৰ’নাত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছিল।

ইয়াৰ পূৰ্বে দেওবাৰে পাকিস্তান পিপলছ পাৰ্টি(পিপিপি)ৰ নেতা চাৰ্জিল মেমনো ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। মেমনকো বৰ্তমান চেল্ফ আইছ’লেশ্যনত ৰখা হৈছে।

পাকিস্তানত বৰ্তমানলৈ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১,২০,০০০ অতিক্ৰম কৰিছে।